ETV Bharat / sitara

Happy Birthday ৰাজকুমাৰ ৰাও - rajkumar rao

জন্মদিনৰ এই বিশেষ দিনটোত আহক জানো বলীউডৰ ভাৰ্চেটাইল অভিনেতা ৰাজ কুমাৰ ৰাওৰ বিষয়ে কিছু কথা-

rajkumar rao birthday: some unknown facts about the actor
Happy Birthday ৰাজকুমাৰ ৰাও
author img

By

Published : Aug 31, 2021, 9:28 AM IST

চিটাৰা ডেস্ক, 31 আগষ্ট : বৰ্তমান প্ৰজন্মৰ অন্যতম শ্ৰেষ্ঠ অভিনেতাগৰাকীৰ ভিতৰত এজন হ’ল ৰাজকুমাৰ ৰাও ৷ প্ৰায় এটা দশক পূৰ্বে Love Sex Aur Dhokha ছবিখনৰ জৰিয়তে বলীউডত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ৰাজকুমাৰে ৷ ইয়াৰ পিছতে ‘Shahid’ আৰু ‘Kai Po Che’ত নিজৰ অভিনয় প্ৰতিভা দাঙি ধৰে অভিনেতাগৰাকীয়ে ৷

rajkumar rao birthday: some unknown facts about the actor
সৌজন্য Google

ইয়াৰ পিছৰ পৰা ‘Citylights’, ‘Shaitan’, ‘Gangs of Wasseypur 2’, ‘Talaash’, ‘Trapped’ আদি ছবিসমূহত কৰা নিজৰ দূৰ্দান্ত অভিনেৰে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে অভিনেতাগৰাকীয়ে ৷ বলিউডৰ কেইবাটাও ধাৰাৰ ছবিত অভিনয় কৰিছে ৰাজকুমাৰে ৷ ইয়াৰ ভিতৰত ‘Bareilly Ki Barfi’, ‘Fanney Khan’, ‘Ludo’, ‘Stree’ আদিৰ দৰে কমেডি ধাৰাৰ ছবিসমূহ উল্লেখনীয় ৷

আহক জানো ৰাজকুমাৰৰ বিষয়ে কিছু নজনা কথা-

বিগ বি অমিতাভ বচ্চনৰ সৈতে এখন ছবিত ডেব্যু কৰিছিল ৰামজকুমাৰ ৰাৱে ৷

ৰাম গোপাল বৰ্মা পৰিচালিত আৰু অমিতাভ বচ্চন আৰু ৰিতেশ দেশমুখ অভিনীত ছবি ‘Rann’ ত এগৰাকী বাতৰি পৰিৱেশকৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজকুমাৰে ৷

ৰাজকুমাৰ ৰাও তেওঁৰ প্ৰকৃত নাম নহয় ৷ ৰাজকুমাৰৰ প্ৰকৃত নাম ৰাজকুমাৰ যাদৱ ৷ কিন্তু তেওঁৰ মাতৃয়ে তেওঁৰ নাম সলনি কৰি ৰাজকুমাৰ ৰাও ৰাখে ৷

ৰাজকুমাৰ ৰাও পুনেস্থিত Film and Television Institute of India ৰ ছাত্ৰ ৷ তেওঁ তাৰ পৰা 2008 চনত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

ৰাজকুমাৰ টাইকোৱাণ্ডোত স্বৰ্ণ পদক লাভ কৰিছে ৰাজকুমাৰে ৷

আমিৰ খান অভিনীত ছবি Talaashত এগৰাকী আৰক্ষী বিষয়াৰ ছবিত অভিনয় কৰিছিল ৰাজকুমাৰ ৰাৱে ৷ ছবিখনত এটি সৰু চৰিত্ৰত অভিনয় কৰিবলৈ মান্তি হৈছিল ৰাজকুমাৰ কাৰণ তেওঁ কেৱল আমিৰ খানৰ বিপৰীতে অভিনয় কৰিব বিচাৰিছিল ৷

হঞ্চল মেহেতাৰ দ্বাৰা পৰিচালিত Sahid ছবিখনত Shahid Azmi নামৰ চৰিত্ৰটোত অভিনয় কৰি প্ৰথমটো ৰাষ্ট্ৰীয় চলচ্ছিত্ৰ বঁটা লাভ কৰিছিল ৰাজকুমাৰে ৷

Citylights ছবিখনত অভিনয়ৰ পূৰ্বে নিজৰ চৰিত্ৰটোক সম্পূৰ্ণৰূপে অনুধাৱন কৰিবলৈ ৰাজকুমাৰে সম্পূৰ্ণ এটা দিন এগৰাকী শ্ৰমিক হিচাপে এটা ফেক্টৰীত কাম কৰিছিল ৷ ফেক্টৰীটোত কাম কৰি ৰাজকুমাৰে আম শ্ৰমিসকলৰ দৰে দিনটোত 100 টকা উপাৰ্জন কৰিছিল ৷

ৰাজকুমাৰে অভিনয় কৰা কেইটামান আণ্ডাৰৰেটেত চৰিত্ৰ-

Love Sex aur Dhokha

এই ছবিখনৰ জৰিয়তেই বলীউডত পদাৰ্পণ কৰিছিল অভিনেতা ৰাজকুমাৰ ৰাওে ৷ ছবিখনে 2010 চনত মুক্তি লাভ কৰিছিল ৷ ছবিখন ৰাজকুমাৰে আদৰ্শ নামৰ এগৰাকী মধ্যবিত্ত যুৱকৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ যি নিজৰ চাকৰিৰ সৈতে সংগ্ৰাম কৰি এটি Sex-tape বিতৰ্কত সোমাই পৰে ৷

Shimla Mirchi

নিৰ্মাণৰ প্ৰায় 5 বছৰ পিছত মুক্তি লাভ কৰিছিল ৰমেশ চিপ্পি পৰিচালিত এই ছবিখন ৷ ছবিখনে যদিও বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল ৷ কিন্তু ছবিখনৰ মুখ্য চৰিত্ৰ অবিনাশৰ চৰিত্ৰটো সুন্দৰকৈ ৰূপায়ণ কৰিছিল ৰাজকুমাৰে ৷

Raabta

সুশান্ত-কৃতিৰ প্ৰেম কাহিনীৰ এই ছবিখনত সম্পূৰ্ণ পৃথক ৰূপত দেখিবলৈ পোৱা গৈছিল ৰাজকুমাৰক ৷ ছবিখনত দৰ্শকে ৰাজকুমাৰক চিনিবলৈ সক্ষম হোৱা নাছিল ৷ যদিও ছবিখনে বক্স অফিচত বেছি ভাল ফলাফল লাভ কৰিব নোৱাৰিলে ৷ তথাপিও ৰাজকুমাৰৰ চৰিত্ৰটোৱে সকলোৰে মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল ৷

5 weddings

এগৰাকী বিদেশী আৰু দেশীয় classic প্ৰেম কাহিনীৰ এই ছবিখন মুক্তি লাভ কৰিছিল 2018 চনত ৷ ছবিখনত এগৰাকী সাংবাদিকৰ চৰিত্ৰত অভিনয় কৰা নাৰ্গিছৰ সুৰক্ষাত নিয়োজিত কৰা হৈছিল ৰাজকুমাৰক ৷ ছবিখনত আৰক্ষীৰ চৰিত্ৰটোক সম্পূৰ্ণৰূপ ফুটাই তুলিবলৈ সক্ষম হৈছিল ৰাজকুমাৰে ৷

Made in China

নেটফ্লিক্সত মুক্তিলাভ কৰা Made in China হ’ল ৰাজকুমাৰৰ শেহতীয়া ছবিসমূহৰ এখন ৷ ছবিখনত এগৰাকী মধ্য বয়সীয়া গুজৰাটী ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰিছিল ৰাজকুমাৰে ৷

লগতে পঢ়ক : বিক্ৰম বাত্ৰা-ডিম্পল চিমাৰ প্ৰেমৰ বিষয়ে কি ক'লে সন্দীপ শ্ৰীবাস্তৱে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.