চিটাৰা ডেস্ক, ২০ জুলাই : পৰ্ণছবি (Porn Film) নিৰ্মাণ আৰু ম’বাইল এপ্লিকেচনৰ জৰিয়তে ইয়াক প্ৰকাশ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টীৰ (Shilpa Shetty) স্বামী ৰাজ কুন্দ্ৰা । সোমবাৰে নিশা মুম্বাই আৰক্ষীৰ অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰে ব্যৱসায়ী ৰাজ কুন্দ্ৰাক । লগে লগে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰে এই খবৰে ।
ৰাজ কুন্দ্ৰাৰ এটা পূৰ্বৰ টুইটেও চৰ্চা লাভ কৰিছে । পৰ্ণ বনাম পতিতাবৃত্তি (porn vs prostitution) শীৰ্ষক ৰাজ কুন্দ্ৰাৰ এক টুইট সম্প্ৰতি ব্যাপক ট্ৰ'ল হোৱা দেখা গৈছে । উল্লেখ্য যে, মুম্বাই অপৰাধ শাখাই ফেব্ৰুৱাৰী মাহত পৰ্ণ’গ্ৰাফিক ছবি নিৰ্মাণ আৰু এপৰ জৰিয়তে প্ৰকাশ কৰাৰ বিষয়ে এক গোচৰ ৰুজু কৰিছিল । গোচৰটো সন্দৰ্ভত কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
ৰাজ কুন্দ্ৰাক এই গোচৰৰ মূল অভিযুক্ত বুলি সন্দেহ কৰা হৈছে । ইফালে একাংশ সমালোচকে ৰাজ কুন্দ্ৰাৰ ৯ বছৰ পুৰণি টুইটবোৰ ব্যাপকভাৱে শ্বেয়াৰ কৰিছে ।
টুইটবোৰত কুন্দ্ৰাই পৰ্ণ আৰু পতিতাবৃত্তিৰ মাজৰ পাৰ্থক্যক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । কুন্দ্ৰাই প্ৰশ্ন কৰিছিল যে কেমেৰাত যৌন সম্ভোগ কৰি কাৰোবাক ধন দিয়াটো কিয় বৈধ । এটাই আনটোৰ সৈতে কিয় পৃথক বুলিও তেওঁ প্ৰশ্ন কৰিছিল । আনহাতে আন এক টুইটত কুন্দ্ৰাই উল্লেখ কৰিছিল যে পৰ্ণ তাৰকাবোৰ কেনেদৰে অভিনয় জগতত ভৰি দিছে ।
তেওঁ উল্লেখ কৰা মতে, ভাৰতত অভিনেতাসকল ক্ৰিকেট খেলত ব্যস্ত, ক্ৰিকেটাৰসকল আকৌ ৰাজনীতিত ৷ আনহাতে ৰাজনীতিবিদসকল পৰ্ণ চাই আছে আৰু পৰ্ণষ্টাৰসকল অভিনেতা হৈ পৰিছে । ইফালে ৰাজ কুন্দ্ৰাৰ টুইটাৰ বায়’ত বৰ্ণনাৰ কৰা কথাখিনিৰো স্ক্ৰীনশ্বট ভাইৰেল হৈ পৰিছে । জীৱন হৈছে সঠিক বাছনি কৰাৰ বিষয় বুলি ব্যৱসায়ীজনে টুইটাৰ বায়’ত উল্লেখ কৰিছিল । বিভিন্নজনে তেওঁৰ বায়’ক লক্ষ্য কৰি প্ৰশ্ন কৰিছিল যে এই সঠিক পছন্দটোৱে প্ৰকৃততে কি বুজায় ।
লগতে পঢ়ক : শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ