ETV Bharat / sitara

ৱেব চিৰিজত কাম দিয়াৰ বিনিময়ত ৰাজ কুন্দ্ৰাই বিচাৰিছিল Nude Audition

author img

By

Published : Jul 21, 2021, 10:49 AM IST

ৰাজ কুন্দ্ৰাৰ (Raj Kundra) গ্ৰেপ্তাৰৰ পিছতে মুম্বাইৰ এগৰাকী মডেলৰ এটি ভিডিঅ’ই খলকনি তুলিছে সামাজিক মাধ্যমত ৷ ভিডিঅ’টোত মডেলগৰাকীয়ে অভিযোগ কৰা অনুসৰি ৰাজ কুন্দ্ৰাই প্ৰযোজনা কৰা এখন ৱেব চিৰিজত কাম কৰাৰ বাবে তেওঁক ‘নিউড অডিশ্বন’(Nude Audition) বিচৰা হৈছিল ৷

Raj Kundra offered web series, demanded 'nude audition' alleges model
ৱেব চিৰিজত কাম দিয়াৰ বিনিময়ত ‘নিউড অডিশ্বন’ বিচাৰিছিল ৰাজ কুন্দ্ৰাই

চিটাৰা ডেস্ক, 21 জুলাই : অভিনেত্ৰী শিল্পা চেট্টীৰ স্বামী তথা ব্যৱসায়ী ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু তেওঁৰ কোম্পানীৰ IT হেড ৰিয়ান থোৰপেই ‘পৰ্ণোগ্ৰাফী ৰেকেট’ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱাৰ পিছতে তোলপাৰ লাগিছে সমগ্ৰ বি-টাউনত (B-town) ৷ ইয়াৰ মাজতে এগৰাকী মডেলে ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে উত্থাপন কৰিছে ‘নিউড অডিশ্বন’(Nude Audition)ৰ অভিযোগ ৷ মডেলগৰাকীয়ে অভিযোগ কৰা অনুসৰি ৰাজ কুন্দ্ৰা (Raj Kundra) আৰু দুজন লোকে তেওঁক ছবিক কাম দিয়াৰ প্ৰতিশ্ৰুতিৰে ‘নিউড অডিশ্বন’(Nude Audition বিচাৰিছিল ৷ সম্প্ৰতি মডেলগৰাকীৰ অভিযোগৰ এই ভিডিঅ’ই সামাজিক মাধ্যমতো খলকনি তুলিছে ৷

ভিডিঅ’টোত মডেলগৰাকীয়ে কয়, তেওঁ এই ইণ্ডাষ্ট্ৰীটোৰ সৈতে যোৱা 3-4 বছৰে জড়িত হৈ আছে যদিও বিশেষ কাম লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ তেওঁ লগতে কয়, "ক’ভিডৰ প্ৰথমটো প্ৰৱাহৰৰ সময়তে মোলৈ অডিশ্বনৰ বাবে এটা কল আহে আৰু মোক ভিডিঅ’ কলযোগে নিউড অডিশ্বনৰ বাবে প্ৰস্তাৱ আগবঢ়োৱা হয় যিটো মাই পোনচাটেই নাকচ কৰো ৷ যোৱা বছৰ মই এক সংবাদমেলযোগে তেওঁলোকৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছিলো ৷ এতিয়া ৰাজ কুন্দ্ৰা গ্ৰেপ্তাৰ হৈছে ৷ মোলৈ উমেশ কামতৰ এটি কল আহিছিল আৰু তেওঁ মোক ৱেব চিৰিজত কাম দিব বিচাৰিছিল যিখনৰ প্ৰযোজক আছিল ৰাজ কুন্দ্ৰা ৷ যেতিয়া মই উমেশ কামতক ৰাজ কুন্দ্ৰাৰ বিষয়ে সুধিছিলো তেওঁ মোক জনায় যে ৰাজ কুন্দ্ৰা শিল্পা চেট্টীৰ স্বামী ৷"

সোমবাৰে নিশা মুম্বাই অপৰাধ শাখাই (Mumbai Crime Branch)বৃটিছ গণৰাজ্যৰ এটি কোম্পানীৰ সৈতে মিলি পৰ্ণোগ্ৰাফীক কনটেন্ট (pornographic content) প্ৰস্তুত কৰা আৰু সেইসমূহ মোবাইল এপৰ জৰিয়তে আপলোড কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল ৰাজ কুন্দ্ৰাক ৷ অপৰাধ শাখাই জনোৱা অনুসৰি এই কাৰ্যৰে জড়িত আন 10 গৰাকী লোককো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৷ এই সমগ্ৰ চক্ৰৰ মূল অভিযুক্ত ৰাজ কুন্দ্ৰা আৰু তেওঁৰ বিৰুদ্ধে পৰ্যাপ্ত তথ্য থকা বুলিও জনায় মুম্বাই অপৰাধ শাখাই ৷

কুন্দ্ৰাক আই পি চিৰ ধাৰা 420 (Cheating), 34 (common intention), 292 আৰু 293 (related to obscene and indecent advertisements and displays)ৰ লগতে তথ্য আৰু মহিলাক অশালীনভাৱে দাঙি ধৰা (বিৰোধী) আইনৰ (Indecent Representation of Women Prohibition Act) অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে অনুসন্ধান শাখাই ৷ কুন্দ্ৰাৰ বিৰুদ্ধে বিগত বৰ্ষৰ ফেব্ৰুৱাৰীতে চাবআৰ্বান মুম্বাইৰ মলৱানী আৰক্ষী চকীত এগৰাকী মহিলাই গোচৰ ৰুজু কৰিছিল ৷ আনহাতে, ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পিছতে অভিনেত্ৰী কংগনা ৰানাৱটে ফিল্ম ইণ্ডাষ্ট্ৰীখনক ‘নলা’ বুলি কয় ৷

লগতে পঢ়ক : শিল্পা চেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ মুম্বাই অপৰাধ শাখাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.