ETV Bharat / sitara

ৰাজ কুন্দ্ৰাই ত্যাগ কৰিলে টুইটাৰ-ইনষ্টাগ্ৰাম

author img

By

Published : Nov 2, 2021, 4:32 PM IST

পৰ্ণ’গ্ৰাফী গোচৰত অভিযুক্ত ব্যৱসায়ী ৰাজ কুন্দ্ৰাই ডিলিট কৰিলে নিজৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউন্ট ৷ 20 ছেপ্টেম্বৰত 50,000 টকাৰ বিনিময়ত মুম্বাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে জামিন প্ৰদান কৰিছিল কুন্দ্ৰাক ৷

Raj Kundra deletes social media accounts post pornographic films racket
টুইটাৰ, ইনষ্টাগ্ৰাম বিদায় দিলে ৰাজ কুন্দ্ৰাই

চিটাৰা ডেস্ক, 2 নৱেম্বৰ : নিজৰ টুইটাৰ আৰু ইনষ্টাগ্ৰাম একাউণ্ট ডিলিট কৰিলে পৰ্ণ’গ্ৰাফী গোচৰেৰে নাম সাঙুৰ খোৱা ব্যৱাসায়ী ৰাজ কুন্দ্ৰাই ৷ দুয়োটা সামাজিক মাধ্যমৰ প্লেটফৰ্মতে ৰাজ কুন্দ্ৰাৰ যথেষ্ট অনুৰাগী তথা অনুগামী আছিল ৷

যোৱা ছেপ্টেম্বৰ মাহত এই ঘটনাৰ অভিযুক্ত ৰাজ কুন্দ্ৰা আৰু ৰিয়ান থাৰ্পেৰ জামিন আবেদন মঞ্জুৰ কৰিছিল মুম্বাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৷ জামিন লাভ কৰাৰ পিছৰে পৰা ক’তো ৰাজহুৱাভাৱে উপস্থিত থকা দেখা নাই ৷ কিন্তু তেওঁৰ অভিনেত্ৰী পত্নী এতিয়াও সামাজিক মাধ্যমত সক্ৰিয় হৈ আছে ৷

পৰ্ণ’গ্ৰফীক ছবি ৰেকেটৰ উপৰিও ৰাজ কুন্দ্ৰা আৰু তেওঁৰ পত্নী শিল্পাই অভিনেত্ৰী শাৰ্লীন চোপ্ৰাক ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন কৰি 75 কোটি টকা দাবী কৰিছিল ৷ শিল্পা চেট্টী আৰু ৰাজ কুন্দ্ৰাই শাৰ্লীন চোপ্ৰাৰ বিৰুদ্ধে প্ৰায় 50 কোটি টকাৰ মানহানি গোচৰ ৰুজু কৰাৰ পিছতে এই অভিযোগ উত্থাপন কৰিছিল শাৰ্লীনে ৷

উল্লেখ্য যে, 19 জুলাইত অশ্লীন ভিডিঅ’ নিৰ্মাণৰ অভিযোগত ৰাজ কুন্দ্ৰাৰ লগতে 11 গৰাকীকৈ লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ 20 ছেপ্টেম্বৰত 50,000 টাকৰ বিনিময়ত কুন্দ্ৰাক জামিন প্ৰদান কৰিছিল মুম্বাইৰ সত্ৰ ন্যায়াধীশৰ আদালতে ৷

লগতে পঢ়ক : Romance King শ্বাহৰুখ খানলৈ ওপজা দিনৰ শুভেচ্ছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.