চিটাৰা ডেস্ক,১৬ নৱেম্বৰ: শেহতীয়াকৈ কেইবাখনো জনপ্ৰিয় ছবিত সুন্দৰ অভিনয়েৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে বলীউড অভিনেত্ৰী ৰাধিকা মদনে । এগৰাকী বহুমুখী প্ৰতিভাসম্পন্ন শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিব বুলি প্ৰকাশ কৰিছে ৰাধিকাই । অভিনেত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰা 'অংগ্ৰেজী মিডিয়াম'ত ইৰফান খানৰ কন্যাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।
2018 চনত 'পতাখা' ছবিত কৰা বলিষ্ঠ অভিনয়ৰ বাবেও অনুৰাগীয়ে প্ৰশংসাৰে উপচাই পেলাইছিল অভিনেত্ৰীগৰাকীক । ৰাধিকা মদনে কয় যে, 'মই এনেকুৱা চৰিত্ৰত অভিনয় কৰিব বিচাৰো, যি মই আগতে কৰা নাই । একে ধৰণৰ চৰিত্ৰত বাৰে বাৰে অভিনয় কৰি ভাল নাপাঁও । এগৰাকী অভিনেতা বা অভিনেত্ৰীৰ বাবে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰাতো বহু গুৰুত্বপূৰ্ণ আৰু এয়া এক প্ৰত্যাহ্বান ।' আগন্তুক ছবি 'ছিদ্দট'ক লৈ উৎসাহিত হৈ আছে অভিনেত্ৰীগৰাকী ।
তেওঁ কয় যে, 'মোৰ আগন্তুক ছবি 'ছিদ্দট' আৰু মই সাঁতোৰবিদৰ চৰিত্ৰত অভিনয় কৰিম । সঁচা অৰ্থত, এই ছবিখন কৰাৰ চুক্তিত স্বাক্ষৰ কৰাৰ পূৰ্বে মই সাঁতুৰিব নাজানিছিলো । মই এতিয়াহে সাঁতোৰ শিকিছো ।' 4-5 মাহৰ ভিতৰত সাঁতোৰৰ বিভিন্ন কৌশল শিকিছে বুলিও প্ৰকাশ কৰে ৰাধিকাই । অভিনেত্ৰীগৰাকীৰ বিপৰীতে 'ছিদ্দট'ত অভিনয় কৰিছে মোহিত ৰাইনা, ডায়েনা, ছানী কৌশল আৰু ছবিখনৰ নিৰ্দেশনা কুনাল দেশমুখৰ ।