চিটাৰা ডেস্ক,9 অক্টোবৰ: পুনৰ আৰম্ভ হৈছে মেগাষ্টাৰ চলমান খানৰ বহুপ্ৰত্যাশিত এক্সন-ড্ৰামা ছবি ৰাধে: ইয়’ৰ ম’ষ্ট ৱাণ্টেড ভাইৰ শ্বুটিঙৰ কাম ৷ ছবিখনৰ নিৰ্মাতাই এটি চেলিব্ৰেটি গানৰ ভিডিঅ’ৰ কিছু দৃশ্যাংশ শ্বেয়াৰ কৰি এই কথা জানিবলৈ দিয়ে ৷
চলমান খান ফিল্মছৰ কৰ্তৃপক্ষই টুইটাৰযোগে শ্বেয়াৰ কৰা গানটোৰ আঁৰৰ কিছু দৃশ্যাংশত ভাইজান চলমান খান আৰু দিশা পাটানীকো দেখা পোৱা গৈছে ৷ লগতে এই ভিডিঅ’ ক্লিপটোত চলমান খান,দিশা পাটানীসহ অভিনেতা জেকী শ্ৰোফকো শ্বুটিঙৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="">
কৰ’ণা সংক্ৰমণৰ ছমাহৰ অন্তৰালত পুনৰ আৰম্ভ হৈছে ছবিখনৰ শ্বুটিং ৷ প্ৰভুদেৱাৰ দ্বাৰা নিৰ্দেশনাৰ এই ছবিখন চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি লাভ কৰাৰ কথা আছিল যদিও কৰ’ণা মহামাৰীৰ বাবে মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হয় ৷
লগতে পঢ়ক: গুৱাহাটীৰ ভায়লিনাৰ গীতত দেখা যাব শত্ৰুঘ্ন সিন্হা আৰু সোনাক্ষী সিন্হাক