চিটাৰা ডেক্স,15 ছেপ্টেম্বৰঃ শণিবাৰে টৰন্ট' ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন হ'ল প্ৰিয়ংকা চোপ্ৰাৰ "দ্য স্কাই ইজ পিংক"৷ জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই চ'ছিয়েল মিডিয়াযোগে ছবিখনৰ লগত জড়িত থকা সকলোৰে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ অভিনেত্ৰীগৰাকীয়ে সত্য কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনৰ লগত জড়িত প্ৰকৃত চৰিত্ৰ কেইটাৰো প্ৰশংসা কৰে ইনষ্টাগ্ৰাম যোগে ৷ লগতে ছবিখনৰ নিৰ্দেশক সোনালী বোসক ছবিখনৰ প্ৰকৃত তাৰকা বুলি উল্লেখ কৰে ৷
মূলত " দ্য স্কাই ইজ পিংক " ছবিখন আইচাৰ জীৱনৰ ওপৰত আধাৰিত ৷ বিশেষ ৰোগত আক্ৰান্ত 13 বছৰীয়া কন্যা গৰাকীয়ে কেনেদৰে জীৱনৰ জটিলতাবোৰক প্ৰত্যাহ্বান জনাই এসময়ত মটিভেচনেল স্পীকাৰ হ'বলৈ সক্ষম হয় সেই কথা কাহিনীটোৰ মাধ্যেমেৰে প্ৰকাশ পোৱাৰ লগতে আইচাৰ পিতৃ-মাতৃৰ মাজৰ মৰমখিনিও প্ৰকাশ পায় কাহিনীটোৰ জৰিয়তে ৷উল্লেখ্য যে, দৰ্শকৰ বহু প্ৰত্যাশিত ছবিখন ছবিগৃহলৈ আহিব 11 অক্টোবৰ তাৰিখে ৷