ETV Bharat / sitara

বলীউডৰ 20বছৰীয়া যাত্ৰা বিশেষ আন্দাজেৰে উদযাপন কৰিব প্ৰিয়ংকা চোপ্ৰাই

author img

By

Published : Jul 22, 2020, 7:24 PM IST

গ্ল'বেল আইকন প্ৰিয়ংকা চোপ্ৰাই নিজৰ প্ৰতিভাৰ জৰিয়তে বলীউডৰ লগতে হলীউডত নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ শেহতীয়াকৈ বলীউড ক্ষেত্ৰত সুদীৰ্ঘ 20 টা বছৰ সম্পূৰ্ণ কৰিছে অভিনেত্ৰী গৰাকীয়ে ৷ বলীউডত 20বছৰীয়া সুদীৰ্ঘ যাত্ৰা পূৰ্ণ হোৱাৰ আনন্দ অনুৰাগীৰ সৈতে উদযাপন কৰিব অভিনেত্ৰী গৰাকীয়ে ৷

priyanka chopra invites fan to join her in celebrating 20 years in industry
গ্ল'বেল আইকন প্ৰিয়ংকা চোপ্ৰা

চিটাৰা ডেস্ক,22জুলাইঃ বলীউডৰ পৰা হলীউডলৈকে নিজৰ অভিনয়ৰ জৰিয়তে সকলোৰে মন মোহিবলৈ সক্ষম হোৱা অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই মনোৰঞ্জন জগতত সম্পূৰ্ণ কৰিলে সুদীৰ্ঘ 20টা বছৰ ৷

দেশী গাৰ্লৰ পৰা গ্ল'বেল আইকন হোৱালৈকে তেওঁৰ আকৰ্ষণীয় যাত্ৰা যথেষ্ট মননশীল ৷ নিজৰ এই সুন্দৰ যাত্ৰাৰ 20 বছৰীয়া হোৱাৰ বিশেষ ক্ষণ তেওঁ উদযাপন কৰিব বিচাৰিছে অনুৰাগীৰ সৈতে ৷ শেহতীয়াকৈ তেওঁ নিজৰ ছ'চিয়েল মিডিয়া একাউন্ট যোগে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে ৷ এই ভিডিঅ'টোত প্ৰিয়ংকাই কৈছে যে,তেওঁৰ বলীউড জগতত 20 বছৰ সম্পূৰ্ণ হোৱাৰ বাবে তেওঁ নিজৰ কেৰিয়াৰৰ 20 টা গুৰুত্বপূৰ্ণ মূহুৰ্ত স্মৰণ কৰিব অনুৰাগীৰ সৈতে ৷

এই কথা জনাৰ পিছতে যথেষ্ট উৎসাহী হৈ পৰিছে তেওঁৰ অনুৰাগীসকল ৷ এই ভিডিঅ'টোত যথেষ্ট প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰিয়ংকাৰ অনুৰাগীসকলে ৷ সকলোৱে জানিবলৈ উৎসুক হৈ পৰিছে যে 20 বছৰীয়া যাত্ৰাত প্ৰিয়ংকাই কোনকেইটা মূহুৰ্ত তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মূহুৰ্ত বুলি বিবেচনা কৰিছে ৷

লগতে পঢ়কঃচলমান খানৰ অনুৰাগীৰ বাবে বেয়া খবৰ, দীপাৱলীত মুক্তি নহয় "ৰাধে"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.