চিটাৰা ডেস্ক, 2 ফ্ৰেব্ৰুৱাৰী: অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিল ৷ ঘোষণা হ’ল ৰাধে শ্যামৰ মুক্তিৰ তাৰিখ ৷ বহু প্ৰতীক্ষিত এই ছবিখনত অভিনয় কৰিছে পূজা হেগড়ে আৰু প্ৰভাসে ৷ এক মধুৰ প্ৰেম কাহিনীৰ পটভূমিত নিৰ্মাণ কৰা হৈছে ছবিখন ৷
বিগত দুটা বৰ্ষত ক’ৰণা মহামাৰীৰ কাৰণে কেইবাখনো বিগ বাজেটৰ ছবিৰ মুক্তিৰ তাৰিখ পিছুৱাই থকা হৈছিল ৷ পূজা-প্ৰভাসৰ ৰাধে শ্যামখনো তাৰ মাজত অন্যতম ৷ এইবছৰৰ 14 জানুৱাৰীত মুক্তি পাব লগীয়া ছবিখন এতিয়া 11 মাৰ্চত ছবিগৃহলৈ আহিব (Radhe Shyam to hit theatres on March) ৷
বুধবাৰে ৰাধে শ্যামৰ অফিচিয়েল টুইটাৰ একাউণ্টত ছবিখনৰ এখন নতুন পোষ্টাৰৰ সৈতে নতুন মুক্তিৰ দিনটো ঘোষণা কৰা হয় এনেদৰে, Come fall in love from March 11th, 2022...
Witness the biggest war between love & destiny 💕
#RadheShyamOnMarch11
#RadheShyam
- " class="align-text-top noRightClick twitterSection" data="
">
১৯৭০ ৰ দশকক আধাৰ হিচাপে লৈ নিৰ্মাণ কৰা ৰাধে শ্যামত প্ৰভাসে বিক্ৰমাদিত্যৰ চৰিত্ৰ ৰূপায়ন কৰিছে আৰু তেওঁৰ প্ৰেমিকাৰ চৰিত্ৰ ৰূপায়ন কৰিছে পূজা হেগড়েই ৷ তেওঁলোকৰ প্ৰেম কাহিনীত ভাগ্যই কি ভূমিকা লয় সেইয়াই হৈছে চলচ্চিত্ৰখনৰ মূল বিষয়বস্তু । চলচ্চিত্ৰখনত বলীউডৰ জ্যেষ্ঠ অভিনেত্ৰী ভাগ্যশ্ৰীয়ে প্ৰভাসৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰিছে ৷
ছবিখনৰ প্ৰযোজনা ভূষণ কুমাৰ, ভামচী আৰু প্ৰমোদৰ ৷ ৰাধে শ্যামক তেলেগু, হিন্দী, তামিল, কানাড়া আৰু মালায়ালমত মুক্তি দিয়া হ'ব ।
লগতে পঢ়ক: RRR gears up to hit the screens on March 25: 25 মাৰ্চত ছবিগৃহলৈ আৰ আৰ আৰ