ETV Bharat / sitara

চুক্তি স্বাক্ষৰ কৰিবলৈ 'ভাবুকি' দিছিল ৰাজ কুন্দ্ৰাই: পুনম পাণ্ডে

ৰাজ কুন্দ্ৰাৰ গ্ৰেপ্তাৰৰ পাছতে তেওঁৰ ছবিত কাম কৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা কেইবাগৰাকীও মডেল তথা অভিনেত্ৰীয়ে এতিয়া এটাৰ পাছত আনটো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । পূৰ্বে বলীউডত থকা প্ৰভাৱৰ বাবে শিল্পা ছেট্টীৰ স্বামী ৰাজ কুন্দ্ৰাৰ বিৰুদ্ধে মুখ খুলিবলৈ সাহস কৰা নাছিল বহু অভিনেত্ৰীয়ে । কিন্তু এতিয়া যেন সমগ্ৰ দৃশ্যপট সলনি হৈ গৈছে । ৰাজ কুন্দ্ৰাৰ আৰ্মছপ্ৰাইম মিডিয়াৰ সৈতে চুক্তি স্বাক্ষৰৰ নকৰাৰ সিদ্ধান্ত লোৱাৰ পাছত কি পৰিস্থিতিৰ সন্মুখীন হৈছিল সেই বিষয়ে ৰাজহুৱা কৰিলে অভিনেত্ৰী পুনম পাণ্ডেই ।

Poonam Pandey claims Raj Kundra 'threatened' her to sign contract
ৰাজ কুন্দ্ৰাই চুক্তি স্বাক্ষৰ কৰিবলৈ 'ভাবুকি' দিয়াৰ অভিযোগ তুলিছে পুনম পাণ্ডেই
author img

By

Published : Jul 23, 2021, 7:06 PM IST

চিটাৰা ডেস্ক, ২৩ জুলাই: পৰ্ণোগ্ৰাফী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ পাছতে ৰাজ কুন্দ্ৰাৰ (Raj Kundra) বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিলে অভিনেত্ৰী পুনম পাণ্ডেই (Punam Pandey)। অভিনেত্ৰীগৰাকীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি ৰাজ কুন্দ্ৰাই ভাবুকি দিয়াৰ অভিযোগ তুলিছে । তেওঁ ভিডিঅ'টোত প্ৰকাশ কৰা মতে, সেয়া, ২০১৯ চনৰ কথা...ব্যৱসায়ী ৰাজ কুন্দ্ৰাই তেওঁৰ আৰ্মছপ্ৰাইম মিডিয়াৰ এই অশ্লীল ছবিত অভিনয় কৰাৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল পুনমলৈ । কিন্তু পুনমে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল ।

পুনমৰ অভিযোগ অনুসৰি ইয়াৰ পাছতেই ৰাজ কুন্দ্ৰাই তেওঁক মানসিকভাৱে অশান্তি দি আছিল । অভিনেত্ৰীগৰাকীয়ে অভিযোগ তুলিছে যে, তেওঁৰ ফোন নম্বৰ ৰাজহুৱা কৰা হৈছিল আৰু লগতে এটা বাৰ্তা প্ৰেৰণ কৰা হৈছিল যে, "মই আপোনাৰ বাবে সকলো কাপোৰ খুলিম" । এই সন্দৰ্ভত পুনমে ৰাজ কুন্দ্ৰা আৰু আৰ্মচপ্ৰাইম মিডিয়াৰ তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল । তেওঁলোকেই এই এপটো চলাই আছিল ।

পুনমে অভিযোগ উত্থাপন কৰিছিল যে, আৰ্মচপ্ৰাইম মিডিয়াৰ সৈতে তেওঁৰ চুক্তিৰ ম্যাদ সমাপ্ত হোৱাৰ পিছতো তেওঁলোকে অবৈধভাৱে তেওঁৰ ভিডিঅ' ব্যৱহাৰ কৰি আছিল । অভিনেত্ৰীগৰাকীয়ে মুখ খোলাৰ পাছতে বহু অপমানৰ বলি হৈ হৈছিল । তেওঁ এই বিষয়ত কৈছে যে, "যেতিয়া মই চুক্তিত স্বাক্ষৰ কৰিবলৈ নকৰো বুলি ক'লো, তেতিয়া তেওঁ মোৰ ফোন নম্বৰটো ৰাজহুৱা কৰিলে" ।

"লগতে এটা বাৰ্তা সকলোকে প্ৰেৰণ কৰিছিল য'ত লিখা আছিল যে, এতিয়া মোক ফোন কৰক । মই আপোনৰ বাবে সকলো কাপোৰ খুলিম"। এই ঘটনাৰ বিষয়ে মনত পেলাই পুনমে কয় যে, "মোৰ এতিয়াও মনত আছে মোৰ ফোন নম্বৰ ৰাজহুৱা হোৱাৰ পিছত মোৰ ফোনটো অহৰহভাৱে বাজি থাকে অৰ্থাৎ মোলৈ অজ্ঞাত নম্বৰৰ পৰা ফোন আহি থাকে । বিশ্বৰ বিভিন্ন স্থানৰ পৰা মোলৈ ফোন আহিছিল । বহু ভাবুকিপূৰ্ণ বাৰ্তাও মই পাইছিলো" ।

অভিনেত্ৰীগৰাকীয়ে কয় যে, তেওঁ এই পৰিস্থিতিৰে মোকাবিলা কৰিব নোৱাৰি আত্মগোপন কৰিবলগীয়া হৈছিল । তেওঁ ঘৰত এৰিবলৈ বাধ্য হৈছিল । পলাতকৰ দৰে জীৱন কটাইছিল । ভাবুকি ভৰা বাৰ্তাবোৰ পাই তেওঁ আতংকিত হৈ পৰিছিল ।

আনকি তেওঁ কোন স্থানত আছে সেই বিষয়ে জানে বুলিও কোনো অজ্ঞাত নম্বৰৰ পৰা পুনমলৈ বাৰ্তা প্ৰেৰণ কৰা হৈছে । এয়া এক ভয়াৱহ পৰিস্থিতি আছিল বুলি প্ৰকাশ কৰিছে পুনমে । চুক্তিৰ বিষয়ত অভিনেত্ৰী তথা মডেলগৰাকীয়ে কয় যে, নতুন চুক্তি অনুসৰি নিৰ্মাতাৰ মতে, পুনমক দৃশ্যগ্ৰহণ কৰিব লাগিব বুলি কোৱা হৈছিল । সেয়া যিকোনো ধৰণৰ দৃশ্য হ'ব পাৰে ।

অন্যথা তেওঁলোকে পুনৰ ব্যক্তিগত তথ্য ৰাজহুৱা কৰাৰ ভাবুকি দিছিল । পুনমৰ অভিযোগ মতে, তেওঁ চুক্তি স্বাক্ষৰ নকৰে বুলি কোৱাৰ পাছতে তেওঁৰ ফোন নম্বৰ ইণ্টাৰনেটত ৰাজহুৱা কৰা হৈছিল । এতিয়া পুনমে ভুক্তভোগী সকলো মডেল তথা অভিনেত্ৰীক স্পষ্টকৈ নিজে সন্মুখীন হোৱা সমস্যাৰ বিষয়ে প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে ।

তেওঁ কয় যে, তেওঁ অধিবক্তাই বাধা দিয়া স্বত্বেও এই কথাখিনি প্ৰকাশ কৰিছে । কিয়নো যদি ৰাজ কুন্দ্ৰাই তেওঁৰ সৈতে এনে কাম কৰিব পাৰে তেন্তে তেওঁ আনৰ সৈতেও এনে কাম কৰিব পাৰে । উল্লেখ্য যে, অশ্লীল ছবি নিৰ্মাণ কৰাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে ৰাজ কুন্দ্ৰাক গ্ৰেপ্তাৰ কৰে । বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে ।

লগতে পঢ়ক:কিয় ৰাজ কুন্দ্ৰাৰ অফাৰ প্ৰত্যাখ্যান ঈশিকা বৰাৰ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.