নেশ্যনেল ডেস্ক, ২০ ডিচেম্বৰ : আজি এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ প্ৰশ্নবাণৰ মুখামুখি হ'ব নীলনয়না, বলীউডৰ অভিনেত্ৰী তথা মেগাষ্টাৰ অমিতাভ বচ্চনৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চন । বিতৰ্কিত পানামা পেপাৰ্ছলিক গোচৰ সন্দৰ্ভত এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰেটে অভিনেত্ৰীগৰাকীলৈ চমন জাৰি কৰিছিল (Enforcement Directorate summons Aishwarya Rai Bachchan) । সোমবাৰে ঐশ্বৰ্যই হাজিৰ হ'ব ইডিৰ কাৰ্যালয়ত (Aishwarya Rai to appear before ED) । পূৰ্বেও সোধ-পোছৰ বাবে অভিনেত্ৰীগৰাকীলৈ দুবাৰ চমন জাৰি কৰিছিল তদন্তকাৰী সংস্থাটোৱে । অৱশ্যে, অভিনেত্ৰীগৰাকীয়ে অধিক সময় বিচাৰিছিল ।

উল্লেখ্য যে, ২০১৬ চনত পানামা পেপাৰ্ছ লিক হৈছিল(Panama Papers case) । সংবাদ মাধ্যমৰ হাতত পৰিছিল ফাদিল হোৱা লাখ লাখ নথি-পত্ৰ । ইয়াৰ পাচতে তদন্ত প্ৰক্ৰিয়া আৰম্ভ হয় । এই গোচৰটোৰ সৈতে বিশ্বৰ বহু ধনী আৰু প্ৰভাৱশালী ব্যক্তিৰ নাম সাঙোৰ খাইছে ।
উল্লেখ্য যে, কৰ পৰিশোধ নকৰাকৈ কোম্পানী স্থাপন কৰাৰ অভিযোগ উত্থাপিত হৈছে এই লোকসকলৰ বিৰুদ্ধে ।
আনহাতে, ভাৰতৰ কেইবাগৰাকীও বলীউডৰ তাৰকা, ৰাজনীতিবিদ, প্ৰতিষ্ঠিত ব্যৱসায়ী, খেলুৱৈ আৰু আন কেইবাজনো প্ৰভাৱশালী ব্যক্তিকে ধৰি প্ৰায় ৫০০ জন লোকে কৰ পৰশোধ কৰাৰ পৰা ৰক্ষা পৰিবলৈ বিদেশী বেংক একাউণ্টত ধন জমা কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে । মেগাষ্টাৰ অমিতাভ বচ্চন, বলীউডৰ তাৰকা অজয় দেৱগণৰ নামো এই গোচৰৰ সৈতে সাঙোৰ খাইছে । এক দীঘলীয়া সময় ধৰি এই গোচৰৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে ।
লগতে পঢ়ক: VicKat's Honeymoon: সমুদ্ৰৰ তীৰত মধুচন্দ্ৰিকা উপভোগ কৰিছে বিকী-কেটৰিণাই