ETV Bharat / sitara

আৰ্থিকভাৱে দুৰ্বল সংগীতকাৰক 2 লাখ টকা দিলে নেহা কক্কৰে - চানী হিন্দুস্থানী

এজন সংগীতকাৰৰ জীৱন কাহিনী শুনাৰ পিছত আৱেগিক হৈ পৰে নেহা কক্কৰ ৷ তেখেতৰ জীৱনৰ বেদনাদায়ক কাহিনী শুনাৰ পিছত উপহাৰ হিচাপে প্ৰদান কৰে 2 লাখ টকা ৷

Neha Kakkar 2 Lakhs gives to Needy Musicians
আৰ্থিকভাৱে দুৰ্বল সংগীতকাৰক 2 লাখ টকা দিলে নেহা কক্কৰে
author img

By

Published : Dec 31, 2019, 8:28 PM IST

চিটাৰা ডেস্ক, 31 ডিচেম্বৰঃ ভাৰতৰ এগৰাকী জনপ্ৰিয় কন্ঠশিল্পী নেহা কক্কৰ ৷ ইণ্ডিয়ান আইডল চিজন 11ৰ শ্বুটিঙৰ সময়ত এজন সংগীতশিল্পীৰ বেদনাদায়ক জীৱন কাহিনী শুনাৰ পিছত 2 লাখ টকাৰ উপহাৰ দিয়ে নেহা কক্কৰে ৷ ইণ্ডিয়ান আইডল চিজন 11 শ্ব'টোৰ চানী হিন্দুস্থানী নামৰ এগৰাকী সংগীত শিল্পীয়ে ৰৌশন আলীৰ সৈতে একেলগে সংগীত পৰিৱেশন কৰিছিল ৷ পূৰ্বতে সংগীতশিল্পীগৰাকীয়ে প্ৰসিদ্ধ সংগীত শিল্পী নুচৰত ফাতেহ আলী খানৰ সৈতেও গীত পৰিৱেশন কৰিছিল ৷ কিন্তু কিছু দিনৰ পিছত, সংগীত শিল্পীগৰাকীয়ে এই কাম এৰি দিব লগা হয় স্বাস্থ্যজনিত কাৰণত ৷

চানী হিন্দুস্থানী নামৰ শিল্পীগৰাকীৰ জীৱনৰ দুৰ্দশা শুনাৰ পিছত আৱেগিক হৈ নেহা কক্কৰে প্ৰদান কৰে 2 লাখ টকাৰ বিশেষ উপহাৰ ৷ শ্ব'টোৰ বিচাৰক হিমেশ ৰেশমিয়াইও চানীৰ প্ৰতিভাক শলাগ জনাই কয় যে, "আপুনি ৰিয়েলিটী শ্ব'ৰ সকলো প্ৰতিযোগীৰ বাবে এক উদাহৰণ ৷ আপোনাৰ ওচৰত যদিও কোনোধৰণৰ পেচাদায়ী প্ৰশিক্ষণ নাই, তথাপিও আপুনি যেনেদৰে পেচাগত ৰূপে গীত পৰিৱেশন কৰে সেয়া যথেষ্ট গুৰুত্বপূৰ্ণ ৷ "

হিমেশ ৰেশমিয়া আৰু নেহা কক্কৰৰ সৈতে বিশাল দাদলানীও একেলগে বিচাৰকৰ পদত আছে ইণ্ডিয়ান আইডল চিজন 11ত ৷ বছৰ বছৰ ধৰি , ইণ্ডিয়ান আইডল এক বিশেষ ৰিয়েলিটী শ্ব' হিচাপে পৰিগণিত হৈ আহিছে ৷ সকলো বয়সৰ মানুহ আনন্দেৰে উপভোগ কৰে এই ৰিয়েলিটী শ্ব' ৷ এইখিনিতে উল্লেখনীয় যে, এই বিশেষ ৰিয়েলিটী শ্ব'টোৱে টেলিভিছন মাধ্যমত দৰ্শকে সৰ্বাধিক চোৱা ৰিয়েলিটী শ্ব'ৰ ভিতৰত পঞ্চম স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷

Intro:Body:

Neha Kakkar 2 Lakhs to Needy Musicians 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.