চিটাৰা ডেস্ক,26 জানুৱাৰী : অভিনেতা বিদ্যুৎ জম্মুৱাল আৰু নৱাগতা ৰুক্মিনী মৈত্ৰাৰ আহিবলগীয়া ছবি ‘চনক’ত দেখা যাব অভিনেত্ৰী নেহা ধুপীয়াক ৷ মঙলবাৰে ছবিখনত অভিনয় কৰাৰ কথা ঘোষণা কৰে নেহাই ৷
ইনষ্টাগ্ৰামযোগে ছবিখনৰ প’ষ্টাৰ শ্বেয়াৰ কৰি নেহাই কয় যে, ছবিখনৰ সৈতে জড়িত হ’বলৈ পাই সুখী অনুভৱ কৰিছো ৷ যেতিয়া প্ৰেমে সীমা অতিক্ৰম কৰে, তেতিয়া প্ৰেমক কোনেও বাধা দিব নোৱাৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
দ্যা বিপুল স্বাহ প্ৰডাকশ্যনৰ আধাৰত নিৰ্মিত হ’বলগীয়া ছবিখনেৰে বঙালী অভিনেত্ৰী ৰুক্মিনীয়ে বলিউডত খোজ পেলাব ৷ আনহাতে, ফ’ৰ্চ আৰু কামাণ্ডোৰ পাচত চনকৰ জৰিয়তে পুনৰ একেলগ হৈছে বিদ্যুৎ আৰু বিপুল ৷
‘চনক’ ছবিখনৰ পৰিচালনাত আছে কনিষ্ক বাৰ্মা আৰু প্ৰযোজনা কৰিছে বিপুল শ্বাহ আৰু জি ষ্টুডিঅ’ই ৷ ছবিখনত অভিনেতা চন্দন ৰয় চান্যালক এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব ৷
লগতে পঢ়ক : দিল্লীত প্ৰতিবাদ কৰা কৃষকসকল সন্ত্ৰাসবাদী : কংগনা ৰাণাৱট