চিটাৰা ডেস্ক,19 ফেব্ৰুৱাৰীঃ আয়ুষ্মান খুৰাণা আৰু জীতেন্দ্ৰ কুমাৰ অভিনীত ‘শুভ মংগল জ্যাদা সাৱধান’ ছবিখনে যদিও দুজন পুৰুষৰ মাজৰ সম্পৰ্কৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে,কিন্তু ইয়াৰ পৰিৱৰ্তে ‘বধাই হো’ ছবিখনে দৰ্শকক অন্য এক যুঁটিৰ সৈতে পৰিচয় কৰাই দিয়ে আৰু এই যুঁটিটোৱে দৰ্শকক অধিক মন্ত্ৰমুগ্ধ কৰে ৷ 2018 চনত মুক্তি পোৱা ক’মেডী ছবিখনত আদবয়সীয়া যুঁটি নীনা গুপ্তা আৰু গজৰাজ ৰাও,য’ত আয়ুষ্মান খুৰাণাও অভিনয় কৰিছিল ৷ যুঁটিটোৱে দৰ্শকৰ মাজত এক প্ৰশংসনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয় আৰু দুয়োগৰাকী তাৰকাই আগন্তুক ছবিতো একেলগে অভিনয় কৰাৰ কথা ঘোষণা কৰিছিল ৷

মোহময়ী অভিনেত্ৰী নীনা গুপ্তাই PTIৰ এক সংবাদমেলত এইদৰে কয় ‘‘ বধাই হোৰ শ্বুটিঙৰ সময়ত তেওঁ বহুত আছুতীয়া আৰু মৌন আছিল ৷ শ্বুটিঙৰ সময়ত তেওঁ মোৰ পৰা বহুবাৰ অনুমতি লৈছিল,যিটোৱে মোক বিৰক্তিকৰ কৰি তুলিছিল ৷’’
‘‘কিন্তু যেতিয়াৰ পৰা আমি অনুশীলন আৰম্ভ কৰিলো, তেতিয়াৰ পৰা অৱশ্যে সকলো সহজ হৈ পৰিল ৷ এতিয়া আমি ইটোৱে সিটোৰ সৈতে ধেমালি কৰি থাকো ৷ শাৰীৰিক আৰু মানসিক দুয়োটা ক্ষেত্ৰতেই এতিয়া আমি ইটোৱে সিটোৰ সৈতে সুখী ৷’’
‘শুভ মংগল জ্যাদা সাৱধান’ ছবিখনত নীনাই ‘সুনেনা’ নামৰ এগৰাকী মহিলাৰ চৰিত্ৰটোত অভিনয় কৰে, য’ত এই চৰিত্ৰটোৱে নিজৰ স্বামীৰ ছত্ৰছায়াত নাথাকি তেওঁ নিজৰ ভৰিত থিয় হোৱাটো প্ৰতিফলিত কৰিব৷ নেশ্যনেল স্কুল অৱ ড্ৰামাৰ স্নাতক 60 বছৰীয়া অভিনেত্ৰীগৰাকীয়ে নিজৰ পৰ্দাত অভিনয়ৰ লগতে থিয়েটাৰতো নিজৰ প্ৰতিভা দেখুৱাই আহিছে৷ 1990-2000 চনত তেওঁ জনপ্ৰিয় টিভি চিৰিয়েল ‘চাঁচ এণ্ড চিচ্কি’ৰ প্ৰযোজনা কৰিছিল আৰু ‘কিউ দোতা হ্যে প্যাৰ’ নামৰ চিৰিয়েলখনত অভিনয় কৰিছিল৷

তেওঁ কয় ‘‘মই মোৰ অভিনয়ক বহুত মিছ কৰো ৷ নিৰ্দেশনাতকৈও মই অভিনয় কৰি বহুত ভালপাওঁ৷ কিন্তু 'চাঁচ-2'ত অভিনয় কৰিবলৈ মই বহুত আগ্ৰহী হৈ আছো ৷’’
অভিনয়ৰ উপৰিও নীনা গুপ্তাই নিজৰ ফেশ্যনৰ দিশটোও অটুট ৰাখিছে ৷ তেওঁ সদায় ফেশ্যনৰ ওপৰতো গুৰুত্ব দি আহিছে৷ অভিনয়ৰ জগতত তেওঁৰ কৰ্মৰাজী শলাগিবলগীয়া ৷ আমাজন চিৰিজৰ ‘পঞ্চায়ত’ত তেওঁ সুন্দৰ অভিনয় কৰিছে, য’ত তেওঁৰ অভিনেতা জীতেন্দ্ৰৰ সৈতে পুনৰ মুখামুখি হয়৷ ইয়াৰোপৰি অৰ্জুন কাপুৰ আৰু ৰাকুল প্ৰীত সিঙৰ অভিনীত ছবিত,নেটফ্লিক্সৰ বাস্তৱৰ লগত সংগতিপূৰ্ণ শ্ব’ ‘মচাবা মচাবা’তো নীনা গুপ্তাক তেওঁৰ কন্যা মচাবা গুপ্তাৰ সৈতে দেখিবলৈ পোৱা যাব ৷ হিতেশ কেৱাল্যাই নিৰ্দেশনা কৰা ‘শুভ মংগল জ্যাদা সাৱধান’ নামৰ বহু প্ৰত্যাশিত ছবিখন অহা শুকুৰবাৰে ছবিগৃহলৈ আহিব ৷
লগতে পঢ়কঃঅসম আৰক্ষীক টুইটাৰ যোগে প্ৰশংসা অক্ষয় কুমাৰ আৰু কৰণ জোহৰৰ