ETV Bharat / sitara

সম্পৰ্কত ফাঁট : নৱাজুদ্দিন ছিদ্দিকীৰ পত্নীৰ বিবাহ বিচ্ছেদৰ আবেদন - নাৱাজুদ্দিন ছিদ্দিকীক বিবাদ বিচ্ছেদৰ জাননী প্ৰেৰণ পত্নীৰ

পুনৰ চৰ্চালৈ আহিছে বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকী । কোৱাৰেণ্টাইন অথবা কৰ'ণা ভাইৰাছ সংক্ৰান্তত নহয় এইবাৰ পত্নী আলিয়া ছিদ্দিকীয়ে জনোৱা বিবাহ-বিচ্ছেদৰ আবেদনৰ বাবে চৰ্চালৈ আহিছে অভিনেতাগৰাকী ।

সম্পৰ্কত ফাঁট
নৱাজুদ্দিন ছিদ্দিকীৰ পত্নীৰ বিবাহ বিচ্ছেদৰ আবেদন
author img

By

Published : May 19, 2020, 10:42 AM IST

চিটাৰা ডেস্ক, ১৯ মে': বলীউডৰ বলিষ্ঠ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে বহু কেইটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰি অভিনেতাগৰাকীৰ পত্নী আলিয়া ছিদ্দিকীৰ বিবাহ-বিচ্ছেদৰ আবেদন । ইতিমধ্যে পত্নী আলিয়াই এক জাননী জাৰি কৰিছে অভিনেতাগৰাকীলৈ ।

আলিয়াৰ অধিবক্তাই জানিবলৈ দিয়ে যে, বৰ্তমানলৈ এই জাননীৰ কোনো উত্তৰ প্ৰদান কৰা নাই বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকীয়ে । মেইল আৰু হোৱাটচ এপৰ যোগেদি যোৱা ৭ মে'ত এই জাননী প্ৰেৰণ কৰা হৈছিল বুলি উল্লেখ কৰে । অধিবক্তাগৰাকীয়ে লগতে কয়, নৱাজুদ্দিনে এই জাননী সন্দৰ্ভত মনে-মনে আছে আৰু ইয়াক অৱজ্ঞা কৰিছে । বিবাহ-বিচ্ছেদ আৰু ৰক্ষণাবেক্ষণৰ দাবী কৰি জাননীখন পঠিওৱা হৈছে অভিনেতাগৰাকীলৈ । অভিনেতাগৰাকীৰ বিৰুদ্ধে অভিযোগ কি আছে সেই কথা জাননীত উল্লেখ কৰিব বিচৰা হোৱা নাই । কিন্তু অভিযোগসমূহ অতি গুৰুতৰ আৰু পত্নী তথা পৰিয়ালৰ সদস্য়ৰ বাবে অত্যন্ত সংবেদনশীল বুলি কয় ।

বিবাহ-বিচ্ছেদৰ জাননী সন্দৰ্ভত পত্নী আলিয়াই কয়, "বিচ্ছেদৰ জাননী পঠিওৱাৰ কোনো এটা বিশেষ কাৰণ নাই । মোৰ আৰু নৱাজৰ সৈতে থকা সমস্যাৰ আঁৰত বহু কেইটা কাৰণ আছে । সকলো কেইটা কাৰণেই যথেষ্ট গম্ভীৰ । ইমান দিনে সকলো সহ্য কৰি আহিছিলো কিন্তু এতিয়া সীমা অতিক্ৰম কৰিছে ।"

উল্লেখ্য যে, বিবাহ সম্পন্ন হোৱাৰ এক বছৰ পিচত অৰ্থাৎ ২০১০ চনৰ পৰাই নৱাজুদ্দিন ছিদ্দিকী আৰু পত্নী আলিয়া ছিদ্দিকীৰ সম্পৰ্কত ফাঁট মেলিছিল । দুয়োৰে বিবাহ ১০ বছৰ অতিক্ৰম কৰিছে আৰু দুয়োৰে দুটি সন্তানো আছে । ২০১৭ চনতো দুয়োৰে মাজত বিবাহ-বিচ্ছেদ হোৱাৰ খবৰ বিয়পি পৰিছিল যদিও দুয়োয়ে এই কথা অস্বীকাৰ কৰিছিল ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.