চিটাৰা ডেস্ক,7 নৱেম্বৰঃ নেট ফ্লিক্সৰ জনপ্ৰিয় ৱেব চিৰিজ চেক্ৰেড গেমছত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে অভিনেতা নৱাজুদ্দিন ছিদ্দিকিক প্ৰদান কৰা হ'ব এছিয়ান ফিল্ম টেলেন্ট এৱাৰ্ড ৷ 21 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে ছিংগাপুৰত অনুষ্ঠিত হ'ব 30 সংখ্যক আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল' ৷ বজৰংগী ভাইজানৰ জৰিয়তে বহুল জনপ্ৰিয়তা অৰ্জন কৰা তাৰকাগৰাকীয়ে বঁটা গ্ৰহণৰ লগতে উক্ত ফেষ্টিভেলখনত মিলিত হ'ব এক আলোচনাত৷ কিছুদিনৰ পূৰ্বে অভিনেতাগৰাকীয়ে কাৰডিফ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত গ'ল্ডেন ড্ৰেগন এৱাৰ্ড পাবলৈও সক্ষম হৈছিল৷
সম্প্ৰতি তেওঁৰ কামৰ কথালৈ চাবলৈ গ'লে , 15 নৱেম্বৰত মুক্তি পাব অভিনেতাগৰাকীৰ ম'টিচুৰ চকনাচুৰ শীৰ্ষক কমেডী ছবিখনে ৷ ছবিখন পৰিচালনা কৰিছে ৰাজেশ ভাটিয়া আৰু কিৰণ জাভেৰি ভাটিয়াই ৷ৰাজস্থানত সম্পন্ন হৈছে ছবিখনৰ প্ৰায়সমূহ দৃশ্যগ্ৰহণৰ কাম ৷