ETV Bharat / sitara

ৰিয়া চক্ৰৱৰ্তীৰ সহযোগী চেমুৱেল মিৰাণ্ডাক আটক NCB ৰ

author img

By

Published : Sep 4, 2020, 1:50 PM IST

চেমুৱেল মিৰাণ্ডাৰ ঘৰত তালাচী চলোৱাৰ পাচতে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সৈতে জড়িত গোচৰত চেমুৱেল মিৰাণ্ডাক নাৰ্ক'টিক্স কণ্ট্ৰ'ল ব্যুৰোই আটক কৰে ৷

NCB য়ে ৰিয়া চক্ৰৱৰ্তীৰ সহযোগী চেমুৱেল মিৰাণ্ডাক আটক কৰে

চিটাৰা ডেস্ক, 4 চেপ্তেম্বৰ: ৰিয়া চক্ৰৱৰ্তীৰ এগৰাকী সহযোগী চেমুৱেল মিৰাণ্ডাক নাৰ্ক'টিক্স কণ্ট্ৰ'ল ব্যুৰোই, নাৰ্ক'টিক্স কণ্ট্ৰ'ল আৰু চাইকোট্ৰ'পিক চাবষ্টেন্স আইন 1985 ৰ অধীনত নিজৰ জিম্মালৈ আনে ৷

শুকুৰবাৰৰ পূৰ্বে নাৰ্ক'টিক্স কণ্ট্ৰ'ল ব্যুৰোৰ এটা দলে ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ সহযোগী চেমুৱেলৰ ঘৰত নাৰ্ক'টিক্স কণ্ট্ৰ'ল এণ্ড চাইকোট্ৰ'পিক চাবষ্টেন্স আইনৰ অধীনত তালাচী চলায় ৷

এগৰাকী শীৰ্ষ বিষয়াই উল্লেখ কৰে যে, "এইয়া কেৱল এক প্ৰক্ৰিয়াৰ অন্তৰ্গত ৷ যিটো আমি অনুসৰণ কৰি আছো ৷ যাৰ বাবে এনে তালাচী ৰিয়া আৰু চেমুৱেল ঘৰত কৰি থকা হৈছে ৷"

একেটা গোচৰতে NCB য়ে জাইদ ভিলাট্ৰা আৰু আব্দেল বাচিত নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে ৷

বৃহস্পতিবাৰে এস্প্লেনেড কোৰ্টে সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত এটি গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্ত নিচাজাতীয় দ্ৰব্য ব্যৱসায়ী জাইদ ভিলাট্ৰাক 2 চেপ্তেম্বৰ পৰ্যন্ত NCB ৰ জিম্মাত প্ৰেৰণ কৰিছিল ৷

NCB য়ে আব্বাচ লাখানীৰ সৈতে থকা সমন্ধৰ তথ্য ফাদিল কৰাৰ পাচতে ভিলাট্ৰাক গ্ৰেপ্তাৰ কৰে ৷ NCB য়ে এনফ'ৰ্চমেণ্ট ডাইৰেক্টৰৰ অফিচিয়েল যোগাযোগৰ পাচত তদন্ত আৰম্ভ কৰিছিল ৷ য'ত সুশান্ত সিং ৰাজপুতৰ মৃত্যু সন্দৰ্ভত নিচাজাতীয় দ্ৰব্য সেৱন, সংগ্ৰহ, ব্যৱহাৰ আৰু পৰিবহণ সম্পৰ্কে ভিন্ন সম্পৰ্ক জড়িত হৈ আছিল ৷

প্ৰয়াত অভিনেতা গৰাকীৰ পিতৃ কে.কে সিঙে বিহাৰত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে প্ৰথমটো তথ্য প্ৰতিবেদন দাখিল কৰাৰ পাচত, ই.ডিয়ে অভিনেতা গৰাকীৰ মৃত্যু সম্পৰ্কত এটা এনফ'ৰ্চমেণ্ট কেচ সংক্ৰান্তীয় তথ্য প্ৰতিবেদন নথিভুক্ত কৰে ৷

লগতে পঢ়ক: সুশান্তৰ মৃত্যু অতি মাৰাত্মক ঘটনাঃ অধিবক্তা বিকাশ সিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.