ETV Bharat / sitara

সোমবাৰে পুনৰ NCB ৰ সন্মুখত হাজিৰ হ'ব অনন্যা পাণ্ডে

author img

By

Published : Oct 25, 2021, 12:23 PM IST

মুম্বাইৰ ক্ৰুজত চলা ড্ৰাগছ পাৰ্টীৰ গোচৰ সন্দৰ্ভত তদন্ত প্ৰক্ৰিয়া যিমানেই আগবাঢ়িছে ন ন তথ্য পোহৰলৈ আহিছে । শেহতীয়াকৈ এই গোচৰৰে সাঙোৰ খাইছে অভিনেত্ৰী অনন্যা পাণ্ডেৰ নাম । সোমবাৰে তৃতীয় পৰ্যায়ৰ জেৰাৰ বাবে নাৰ্ক'টিক্স কণ্ট্ৰ্ল ব্যুৰ'ৰ সন্মুখত হাজিৰ হ'ব অভিনেত্ৰীগৰাকী ।

Ananya Panday to appear before NCB for questioning today
সোমবাৰে NCBৰ পুনৰ সন্মুখত হাজিৰ হ'ব অনন্যা পাণ্ডে

চিটাৰা ডেস্ক, ২৫ অক্টোবৰ : সোমবাৰে পুনৰ নাৰ্ক'টিক্স কণ্ট্ৰ্ল ব্যুৰ'ৰ জেৰাৰ সন্মুখীন হ'ব বলীউডৰ অভিনেতা চাংকি পাণ্ডেৰ কন্যা তথা অভিনেত্ৰী অনন্যা পাণ্ডে । মুম্বাইৰ পৰা গোৱা অভিমুখী কৰ্ডেলিয়া ক্ৰুজত চলা পাৰ্টীত ড্ৰাগছৰ ব্যৱহাৰ কৰাৰ অভিযোগত নাৰ্ক'টিক্স কণ্ট্ৰ্ল ব্যুৰ'ই ৰুজু কৰা গোচৰ সন্দৰ্ভত সোধ-পোছ কৰাৰ বাবে অনন্যাক ব্যুৰ'ৰ কাৰ্যালয়ত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে ।

তৃতীয়বাৰৰ বাবে অভিনেত্ৰীগৰাকীক জেৰা চলাব এনচিবিয়ে । ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে আৰু শুকুৰবাৰে এনচিবিৰ জ'নেল সঞ্চালক সমীৰ ৱাংখেড়েই এগৰাকী মহিলা বিষয়াৰ সৈতে জেৰা চলাইছিল অনন্যা পাণ্ডেক ।

এনচিবিৰ উপ-সঞ্চালক প্ৰধান অশোক মুথা জৈনে জনোৱা মতে, সোমবাৰে অভিনেত্ৰীগৰাকীক হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে । শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানে ড্ৰাগছ সৰবৰাহকাৰীৰ সম্পৰ্কে প্ৰকাশ কৰা তথ্য সন্দৰ্ভত অনন্যাই স্বীকাৰোক্তি দিছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কোনো বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

বৃহস্পতিবাৰে সোধ-পোছৰ সময়ত অভিনেত্ৰীগৰাকীয়ে ড্ৰাগছ যোগান ধৰা আৰু সেৱন কৰাৰ অভিযোগ অস্বীকাৰ কৰে । এনচিবিৰ মতে, অনন্যাই আনকি গোচৰটোৰ অভিযুক্ত আৰিয়ানক ড্ৰাগছ যোগান ধৰাৰ অভিযোগো অস্বীকাৰ কৰে । অনন্যাই কেতিয়াও ড্ৰাগছ সেৱন নকৰা বুলি জেৰাত প্ৰকাশ কৰে ৷ এনচিবিয়ে জনোৱা মতে, আৰিয়ান খানৰ ম’বাইল ফোনত লাভ কৰা বাৰ্তালাপ অনুসৰি ২০১৮-১৯ বৰ্ষত, তেওঁ আৰিয়ানক তিনিবাৰকৈ ড্ৰাগছ ব্যৱসায়ীৰ ফোন নম্বৰ দি পৰোক্ষভাৱে ড্ৰাগছৰ যোগান ধৰাত সহায় কৰিছিল ।

অনন্যাই এই সম্পৰ্কীয় বাৰ্তালাপ কৰাৰ কথা জেৰাত অস্বীকাৰ কৰে । উল্লেখ্য যে, ক্ৰুজত চলা ড্ৰাগছ পাৰ্টীত অভিযান চলাই এনচিবিয়ে আৰিয়ান খানক গ্ৰেপ্তাৰ কৰাৰ পাচতে অনন্যা পাণ্ডেৰ নাম গোচৰটোৰ সৈতে সাঙোৰ খাই পৰিছে । হোৱাটছ এপযোগে আৰিয়ান খান আৰু অনন্যাৰ মাজত হোৱা বাৰ্তালাপ আৰিয়ানৰ ফোনত উদ্ধাৰ হোৱাৰ পাচতে অনন্যাক জেৰাৰ বাবে চমন জাৰি কৰা হয় ।

ইতিমধ্যে এনচিবিৰ বিষয়াসকলে তেওঁৰ ম’বাইল ফোন আৰু লেপটপ জব্দ কৰিছে । অৱশ্যে, এনচিবিয়ে এতিয়াও গোচৰটোত অনন্যা জড়িত হৈ থকা বিষয়ত স্পষ্ট হ'ব পৰা নাই ৷ সেয়ে সোধ-পোছ অব্যাহত ৰাখিছে । এইপৰ্যন্ত গোচৰটোৰ সন্দৰ্ভত এনচিবিয়ে ২০ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ।

লগতে পঢ়ক: অস্কাৰ লাভৰ যুঁজত ভাৰতৰ প্ৰৱেশৰ বাবে বাছনি প্ৰক্ৰিয়া : শীৰ্ষত শ্বেৰণী, চৰ্দাৰ উধম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.