ETV Bharat / sitara

মহম্মদ ৰফিৰ কিছু জনা নজনা কথা

ভাৰতীয় উপমহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক মহম্মদ ৰফি(Mohammed rafi)ৰ আজি মৃত্যু দিৱস ৷ তেওঁৰ মৃত্যু দিৱস উপলক্ষে ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ৷

author img

By

Published : Jul 31, 2021, 8:34 AM IST

mohammad-rafi-detah-anniversary
মহম্মদ ৰফিৰ কিছু জনা নজনা কথা

চিটাৰা ডেস্ক, 31 জুলাই : আজি ভাৰতীয় চলচ্চিত্ৰৰ এজন জনপ্ৰিয় নেপথ্য গায়ক মহম্মদ ৰফি(Mohammed rafi)ৰ মৃত্যু দিৱস ৷ ১৯২৪ চনৰ ২৪ ডিচেম্বৰ তাৰিখে পঞ্জাৱৰ কোটলা চুলতান সিঙত মহম্মদ ৰফিৰ জন্ম হয় ৷ ১৯৬৭ চনত তেওঁক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা(Padmashri award)ৰে সন্মানিত কৰে জনপ্ৰিয় কন্ঠশিল্পীগৰাকীক ।

মহম্মদ ৰফিক ভাৰতীয় উপ মহাদেশৰ অন্যতম মহান আৰু প্ৰভাৱশালী গায়ক হিচাপে গণ্য কৰা হয় । ৰফি চাহাব তেওঁৰ কণ্ঠস্বৰৰ বহুমুখীতাৰ(versatility and range of voice) বাবে পৰিচিত আছিল ৷ তেওঁ চাৰিটা ফিল্মফেয়া (Filmare)ৰ বঁটা আৰু এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা(national film award) লাভ কৰিছিল ৷

ৰফিয়ে ১৯৪৪ চনত মুম্বাইলৈ গমন কৰিছিল । তেওঁ আৰু হামিদ চাহাবে জনবহুল ভেন্দি বজাৰ অঞ্চলত এটা কোঠা ভাড়ালৈ লৈ মুম্বাইত জীৱন সংগ্ৰাম আৰম্ভ কৰিছিল ।

সেই সময়তে, কবি তানভিৰ নকভিয়ে তেওঁক আব্দুৰ ৰছিদ কাৰ্দাৰ, মেহবুব খান আৰু অভিনেতা-পৰিচালক নাজিৰকে ধৰি চলচ্চিত্ৰ প্ৰযোজকসকলৰ সৈতে পৰিচয় কৰাই দিয়ে । প্ৰথমবাৰ শ্যাম সুন্দৰে তেওঁক আৰু ৰফিক জিএম দুৰানীৰ সৈতে এটা দ্বৈত গীত গোৱাৰ সুযোগ প্ৰদান কৰিছিল ৷ ১৯৮০ চনৰ ৩১ জুলাইৰ নিশা ১০:২৫ বজাত ৫৫ বছৰ বয়সত এক বৃহৎ হৃদৰোগ ঝনিত কাৰণত মহম্মদ ৰফিৰ মৃত্যু হয় ।

ৰফিয়ে গোৱা শেষ গানটো আছিল আস-পাছ(Aas paas) চলচ্চিত্ৰৰ বাবে। কোৱা হয় যে, "শাম ফিৰ কিউ উদাস হে দোষ্ট / তু কহিন আস পাছ হে দোষ্ট", শীৰ্ষক গীততি তেওঁৰ মৃত্যুৰ কেইঘণ্টামান আগতে ৰেকৰ্ড কৰা হৈছিল ৷

লগতে পঢ়ক : ColorsTVত সম্প্ৰচাৰ হ’ব উত্তৰ-পূৱৰ ওপৰত আধাৰিত ধাৰাবাহিক ‘Nima Denzongpa’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.