ETV Bharat / sitara

ক'ভিড-১৯ত আক্ৰান্ত অভিনেতা মনোজ বাজপেয়ী

বলীউডৰ অভিনেতা মনোজ বাজপেয়ী আক্ৰান্ত হৈছে কৰ'ণাত । সম্প্ৰতি অভিনেতাগৰাকী হোম কোৱাৰেন্টাইনত আছে । 'ডেচপেটচ' ছবিখনৰ দৃশ্যগ্ৰহণৰ মাজতে কৰ'ণাত আক্ৰান্ত হয় অভিনেতাগৰাকী ।

author img

By

Published : Mar 12, 2021, 5:43 PM IST

ক'ভিড-১৯ত আক্ৰান্ত অভিনেতা মনোজ বাজপেয়ী
ক'ভিড-১৯ত আক্ৰান্ত অভিনেতা মনোজ বাজপেয়ী

চিটাৰা ডেস্ক,১২ মাৰ্চ: কৰ'ণাত আক্ৰান্ত হৈছে বলীউডৰ অভিনেতা মনোজ বাজপেয়ী । আক্ৰান্ত হোৱাৰ পিছত অভিনেতাগৰাকী নিজৰ ঘৰতে কোৱাৰেন্টাইন হৈ আছে । বাজপেয়ীৰ দলৰ ফালৰ পৰা বিবৃতিযোগে কোৱা হৈছে যে তেওঁৰ এগৰাকী পৰিচালক সংক্ৰমিত হোৱাৰ পিছতে অভিনেতাগৰাকীৰ দেহতো ধৰা পৰে ভাইৰাছৰ অৱস্থিতি ।

বিবৃতিটোত উল্লেখ কৰা মতে মনোজ বাজপেয়ীয়ে ৰনি স্ক্ৰুভালাৰ দ্বাৰা প্ৰযোজনা কৰা 'ডেচপেটচ' ছবিখনৰ শ্বুটিং কৰি আছিল । তেওঁ সম্প্ৰতি ঘৰতে কোৱাৰেন্টাইন হৈ থকাৰ লগতে ঔষধ পাতি গ্ৰহণ কৰি আছে । অভিনেতাগৰাকীৰ স্বাস্থ্যৰ ক্ষেত্ৰত জটিলতা নাই আৰু তেওঁ সকলো স্বাস্থ্য বিধি পালন কৰি আছে বুলি উল্লেখ কৰে বিবৃতিটোত । ইতিমধ্যে ছবিখনৰ দৃশ্যগ্ৰহণ স্থগিত ৰখা হৈছে ।

ইফালে মনোজ বাজপেয়ীক আৰক্ষী বিষয়া এচিপি অবিনাশৰ চৰিত্ৰত দেখা যাব তেওঁৰ পৰৱৰ্তী ছবি 'চাইলেঞ্চ...কেন ইউ হিয়াৰ ইট'ত । প্ৰাচী দেশাই, অৰ্জুন মাথুৰ, চাহিল বেইদ, বৰ্খা সিং, শিৰিশ শৰ্মা, চোহাইল কাপুৰ, অমিত থাক্কৰ আৰু গৰিমা য়াগনিক অভিনীত ৰহস্যধৰ্মী ছবিখন ২৬ মাৰ্চত জি-৫ ত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক:'ৰুহি' ছবিৰ দৃশ্যগ্ৰহণস্থলীত কিয় ইমান ভয় খালে খুছি কাপুৰে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.