ETV Bharat / sitara

কৰ্কট ৰোগীৰ বাবে চুলি দান কৰিলে মাধুৰী দীক্ষিতৰ পুত্ৰ ৰিয়ানে

author img

By

Published : Nov 9, 2021, 2:06 PM IST

ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসত কেন্সাৰ ছ'চাইটিলৈ চুলি দান কৰিলে অভিনেত্ৰী মাধুৰী দীক্ষিত(Madhuri Dixit)ৰ পুত্ৰ ৰিয়ানে । শেহতীয়াকৈ মাধুৰীয়ে এটা ভিডিঅ' শ্বেয়াৰ কৰি কনিষ্ঠ পুত্ৰ ৰিয়ানৰ প্ৰশংসা কৰে । ভিডিঅ'টোত ৰিয়ানৰ চুলি কাটি থকা দেখা গৈছে । লগতে চুলিৰ প্ৰয়োজনীয় দৈৰ্ঘ বৃদ্ধি কৰিবলৈ কিমান সময় লাগিছিল আৰু সেই বিষয়ে বৰ্ণনা কৰা হৈছে । মাধুৰীয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ পাচতে ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ হৈছে বলীউডৰ তাৰকা ।

Madhuri Dixit's son Ryan donates hair to cancer society

চিটাৰা ডেস্ক, ৯ নৱেম্বৰ : কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ মুখত হাঁহি বিৰিঙাবলৈ অভিনেত্ৰী মাধুৰী দীক্ষিত(Madhuri Dixit)ৰ কনিষ্ঠ পুত্ৰ ৰিয়ানৰ প্ৰয়াস । ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱসত কেন্সাৰ ছ'চাইটিলৈ চুলি দান কৰিলে ৰিয়ানে । শেহতীয়াকৈ মাধুৰীয়ে এটা ভিডিঅ'ৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে । ইনষ্টাগ্ৰাম পোষ্টযোগে ভিডিঅ'টো শ্বেয়াৰ কৰি মাধুৰীয়ে পুত্ৰৰ প্ৰশংসা কৰে ।

ভিডিঅ'টোত এখন চেলুনত ৰিয়ানৰ চুলি কাটি থকা দেখা গৈছে । পুত্ৰক নায়ক বুলি অভিহিত কৰি মাধুৰীয়ে পোষ্টটোত পুত্ৰক প্ৰশংসা কৰি এটা টোকা লিখিছে । তেওঁ লিখিছে যে, কৰ্কট ৰোগত আক্ৰন্ত হৈ কেমো থেৰাপী লৈ থকা কেইবাজনো লোকক দেখি ৰিয়ান উদ্বিগ্ন হৈ পৰিছিল । কিয়নো চিকিৎসা চলি থকা ৰোগীসকলে আন আন সমস্যাত ভোগাৰ লগতে চুলি সৰি যোৱা সমস্যাতো ভোগে ।

সেয়ে, ৰিয়ানে নিজৰ চুলি দান কৰাৰ সিদ্ধান্ত লয় । মাধুৰীয়ে কয় যে, পুত্ৰৰ সিদ্ধান্তত অভিভাৱক হিচাপে তেওঁ যথেষ্ট আনন্দিত হৈছিল । মাধুৰীয়ে কয় যে, ৰিয়ানৰ প্ৰয়োজনীয় চুলিৰ দৈৰ্ঘ্য বৃদ্ধি কৰিবলৈ প্ৰায় ২ বছৰ সময় লাগিছিল ।

পুত্ৰৰ এই পদক্ষেপক লৈ তেওঁলোক গৌৰৱান্বিত বুলিও মাধুৰীয়ে মন্তব্য কৰে । আনহাতে, মাধুৰীয়ে এই পোষ্টটো শ্বেয়াৰ কৰাৰ কেইঘণ্টামানৰ ভিতৰতে হাজাৰ হাজাৰ লোকে ইতিবাচক মন্তব্য কৰে । অভিনেত্ৰী শিল্পা ছেট্টীয়েও এয়া সুন্দৰ চিন্তা বুলি ৰিয়ানৰ প্ৰশংসা কৰে ।

অভিনেত্ৰী জেনেলিয়া দেশমুখেও লিখিছে, "অবিশ্বাস্য... ৰিয়ান"। তেওঁ লগতে লিখিছে যে, ৰিয়ান নিশ্চিতভাৱে ঈশ্বৰৰ সন্তান । আনহাতে ৰিতেশ দেশমুখে কয় যে, ৰিয়ানৰ কাম লৈ তেওঁ গৌৰৱান্বিত ।

ফাৰাহ খানেও ৰিয়ানৰ প্ৰশংসাত পঞ্চমুখ হয় । কৰ্কট ৰোগৰ বিষয়ে সজাগতা বৃদ্ধি কৰিবলৈ আৰু ইয়াৰ প্ৰতিৰোধ, চিনাক্তকৰণ আৰু চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে প্ৰতি বছৰে ৭ নৱেম্বৰত ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস পালন কৰা হয় । ইফালে, মাধুৰীয়ে নেটফ্লিক্সত মুক্তি লাভ কৰিবলগীয়া ৱেব ছিৰিজ "ফাইণ্ডিং অনামিকা"ৰ কামত ব্যস্ত হৈ আছে ।

লগতে পঢ়ক: নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ পুনম পাণ্ডেৰ স্বামী চেম বোম্বে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.