চিটাৰা ডেস্ক, 5 ফ্ৰেব্ৰুৱাৰী : আগতকৈ উন্নত হৈছে "মেলডী কুইন" লতা মংগেশকাৰ স্বাস্থ্য । শনিবাৰে তেখেতৰ স্বাস্থ্যৰ অৱনতি ঘটাত (Lata Mangeshka is in Critical Condition) ভেণ্টিলেছনত ৰখা হৈছিল যদিও এতিয়া কিংবদন্তী গায়িকা গৰাকীৰ স্বাস্থ্য ভাললৈ অহা বুলি দাবী কৰিছে মুম্বাইৰ ব্ৰীজ কেণ্ডি হাস্পতালৰ চিকিৎসকে ৷
ক’ৰণাত আক্ৰান্ত হোৱাৰে পৰা চিকিৎসাধীন হৈ আছিল সংগীত জগতৰ ভোটাতৰাস্বৰূপ লতা মাংগেশকাৰ ৷ সাধাৰণ লক্ষণেৰে বিগত 8 জানুৱাৰীত গায়িকা গৰাকীৰ দেহত ক’ভিড-19 ৰ উপস্থিতি ধৰা পৰিছিল ৷
শাৰীৰিক অৱস্থাৰ অধিক অৱনতি ঘটাত গায়িকা গৰাকীক ভেণ্টিলেছনত ৰখা হৈছিল (Lata Mangeshkar shifted to ventilation) যদিও এতিয়া আগতকৈ সুস্থ মাংগেশকাৰ (Lata Mangeshkar condition stable now) ৷ ৯২ বৰ্ষীয় গায়িকা গৰাকীক ডাঃ প্ৰতীত চামদানি আৰু তেওঁৰ টীমে চোৱাচিতা কৰি আছে ৷
লগতে পঢ়ক : Lata Mangeshka is in Critical Condition: কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰৰ স্বাস্থ্যৰ অৱনতি