ETV Bharat / sitara

Birthday Special : ‘লগ জা গলে’ৰ পৰা ‘মেৰে খ্ৱাবো মে’লৈ Melody Queen ৰ কালজয়ী গীতসমূহ

author img

By

Published : Sep 28, 2021, 10:04 AM IST

Updated : Sep 28, 2021, 10:24 AM IST

আজি Melody Queen লতা মংগেশকাৰৰ 92 সংখ্যক জন্মদিন ৷ জন্মদিন উপলক্ষে তেওঁ কণ্ঠ নিগৰোৱা ‘ঠিক নহী লগতা’ নামৰ এটি গীত মুকলি কৰিব বিশাল ভৰদ্বাজ আৰু গুলজাৰে ৷

Lata Mangeshkar Birthday: From 'Lag Ja Gale' to 'Mere Khwabon Mein', timeless classics by the Queen of Melody
Birthday Special : ‘লগা জা গলে’ৰ পৰা ‘মেৰে খ্ৱাবো মে’লৈ Melody Queenৰ কালজয়ী গীতসমূহ

চিটাৰা ডেস্ক, 28 ছেপ্তেম্বৰ : লতা মংগেশকাৰৰ 92 সংখ্যক জন্মদিন উপলক্ষে তেওঁৰ অনুৰাগীসকলে বিশাল ভৰদ্বাজ আৰু গুলজাৰৰ পৰা এটি গীত উপহাৰ হিচাপে পাব ৷ ‘ঠিক নহী লগতা’ নামৰ এই গীতটি লতা মংগেশকাৰে 90 ৰ দশকতে গাইছিল যদিও গীতটি মুক্তিলাভ কৰা নাছিল ৷ গীতটিৰ শব্দ আছিল গুলজাৰৰ আৰু গীতটি পৰিচলনা কৰিছিল বিশাল ভৰদ্বাজে ৷

এই ৰোমাণ্টিক গীতটি Maachis (1996) নামৰ ছবিখনৰ আছিল, যিখন ছবিৰ মুখ্য নায়িকা হিচাপে ঐশ্বৰ্য ৰায়ক বাচনি কৰা হৈছিল ৷ কিন্তু বিশেষ কাৰণত ছবিখনৰ নিৰ্মাণৰ কাম স্থগিত হৈ পৰাত গীতটি মুক্তি দিব পৰা নগ’ল ৷ গীতটিৰ সন্দৰ্ভত বিশাল ভৰদ্বাজে কয়, ‘মই প্ৰায় 10-12 বছৰ ধৰি গীতটি বিচাৰি আছিলো কিন্তু বিচাৰি পোৱা নাছিলো ৷ তেতিয়াই প্ৰায় তিনিবছৰ পূৰ্বে এটা ষ্টুডিঅ’ই মোক কল কৰি জনায় যে তেওঁলোকে টেপটো বিচাৰি পাইছে ৷’

প্ৰায় 7 টা দশক ধৰি ভাৰতীয় শ্ৰোতাৰ মন মুহি ৰাখিছিল বলীউডৰ নাইটিংগেল লতা মংগেশকাৰে ৷ তেওঁ 1000 তকৈও অধিক বলীউডৰ ছবিত কণ্ঠ নিগৰোৱাৰ লগতে 36 খন বিদেশী ভাষাৰ ছবি আৰু আঞ্চলিক ভাষাৰ ছবিতো কণ্ঠদান কৰিছিল ৷ 1974 চনত Royal Albert Hall ত সংগীত পৰিৱেশন কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিচিত হৈ পৰে Queen of Melody লতা মংগেশকাৰ ৷

আহক তেওঁৰ জন্মদিন উপলক্ষে তেওঁ কণ্ঠ নিগৰোৱা কেইটিমান জনপ্ৰিয় গীতৰ মাজলৈ উভতি যাও-

প্যাৰ কিয়া তো ডৰনা ক্যা (Mughal-e-Azam, 1960)

এই গীতটি ৰচনা কৰিছিল সংগীত পৰিচালক নৌচাদ আৰু গীতটোৰ শব্দ আছিল শ্বাকিল বাদায়ুনীৰ ৷ গীতটি বিশেষকৈ ভাৰতীয় শাস্ত্ৰীয় সংগীত কৰা অনুপ্ৰেৰণা গ্ৰহণ কৰি ৰচনা কৰা হৈছিল ৷

খবৰ অনুসৰি, যিহেতু সেই দিনবোৰত গানটোত শুনা শব্দৰ প্ৰতিধ্বনি ৰখাৰ বাবে কোনো প্ৰযুক্তি নাছিল, নৌশাদে মংগেশকাৰক ষ্টুডিঅ'ৰ বাথৰুমত গানটো গাবলৈ দিছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অজীৱ দাসতা হ্যেয় য়ে (Dil Apna Aur Preet Parai, 1960)

শৈলেন্দ্ৰৰ গীতৰ সৈতে, চলচ্চিত্ৰখনৰ সংগীত শংকৰ জয়কিষাণৰ ৰচিত। গীতটো ৰাজকুমাৰ আৰু মীনা কুমাৰীৰ ওপৰত চিত্ৰিত । শংকৰ জয়কিষাণে ছবিখনৰ বাবে ফিল্মফেয়াৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল ।

আপকী নজৰো নে সমঝা (Anpadh, 1962)

এই যুগজয়ী গীতটো 1962 চনত মুক্তিলাভ কৰা ছবি Anpadh ৰ ৷ লতা মংগেশকাৰে কণ্ঠ নিগৰোৱা গীতটিত অভিনয় কৰিছে মালা সিন্হা, ধৰ্মেন্দ্ৰ আৰু বলৰাজ চাইনী ৷ ছবিখনৰ সংগীত পৰিচলানাৰ দায়িত্বত আছিল মদন মোহন আৰু গীতটো লিখিছিল ৰাজা মেহদী আলী খানে ৷

লগ জা গলে (Woh Kaun Thi, 1964)

এই গীতটো লতা মংগেশকাৰৰ অন্যতম শ্ৰেষ্ঠ গীতসমূহৰ ভিতৰত এটা ৷ ছবিখনৰ সংগীত কৰিছিল মদন মোহন কোহলীয়ে আৰু গীতিকাৰ আছিল ৰাজা মেহদী আলী খান ৷ এই গীতটিত ৰূপালী পৰ্দাত অভিনয় কৰিছিল বলীউড অভিনেত্ৰী সাধনাই ৷

তু জহা চলেগা (Mera Saaya, 1966)

এটি অতি জনপ্ৰিয় গীত ‘তু জহা চলেগা’ত অভিনয় কৰিছিল অভিনেতা সুনীল দত্ত আৰু সাধনাই ৷ ছবিখনৰ সংগীত ৰচনা কৰিছিল মদন মোহনে আৰু গীতিকাৰ আছিল ৰাজা মেহদী আলী খান ৷ ছবিখন পৰিচালনা কৰিছিল ৰাজ খোচলাই ৷

বাহো মে চলে আও (Anamika, 1973)

এই ৰোমাণ্টিক হিন্দী গীতটিত অভিনয় কৰিছিল সঞ্জীৱ কুমাৰ আৰু জয়া বচ্চনে ৷ গীতটো ৰচনা কৰিছিল আৰ ডি বৰ্মন আৰু কথা আছিল মজৰুহ চুলতানপুৰীৰ ৷

লতাজীয়ে এবাৰ এটি সাক্ষাৎকাৰত কৈছিল "যেতিয়া মই চিনেমাখনত গানৰ পৰিস্থিতি শুনিছিলো এইটো মোৰ বাবে খুব স্পষ্ট আছিল যে সুৰটো অতি মৃদুভাৱে গাব লাগিব । ঘৰৰ সকলোৱে গভীৰ নিদ্ৰাত থকা সময়তেই জয়া ভাদুৰীয়ে সঞ্জীৱ কুমাৰৰ বাবে গীতটো গাইছে । যদি জয়াই অত্যাধিক জোৰেৰে গান গায়, তেন্তে সকলো জাগি উঠিব । গীতটোৰ জৰিয়তে অনুভূতিবোৰ অতি মৃদুভাৱে প্ৰকাশ কৰিব লাগিব । এই গানটো মোৰ ব্যক্তিগত প্ৰিয়সমূহৰ ভিতৰত অন্যতম । মই প্ৰায়ে মোৰ লাইভ কনচাৰ্টত এইটো গাইছিলো ৷"

আজা শাম হোনে আই (Maine Pyaar Kiya, 1989)

চুপাৰহিট ৰোমাণ্টিক ব্লকবাষ্টাৰ ছবি মেইনে পেয়াৰ কিয়াৰ পৰা স্বৰ্গীয় গায়ক এছ পি বালাসুব্ৰমান্যম আৰু লতা মংগেশকাৰে চুপাৰষ্টাৰ ছলমান খান আৰু ভাগ্যশ্ৰী অভিনীত কালজয়ী ৰোমাণ্টিক গান আজা শাম হোনে আয়ী গাইছিল । গীতটো ৰাম-লক্ষ্মণে ৰচনা কৰিছিল আৰু ছবিখন সূৰজ বৰজাতিয়াই পৰিচালনা কৰিছিল ।

মেৰে খ্ৱাবো মে (Dilwale Dulhaniya Le Jayenge, 1995)

যতীন-ললিতৰ দ্বাৰা ৰচিত এই গীতটো বছৰটোৰ শ্ৰেষ্ঠ চাউণ্ডট্ৰেকৰ ভিতৰৰ এটা হৈ পৰিছিল ৷ কাজলে অভিনয় কৰা গীতটো বৰ্তমান প্ৰজন্মৰ মাজতো যথেষ্ট জনপ্ৰিয় ৷

জীয়া জ্বলে (Dil Se, 1998)

মণিৰত্নমৰ ১৯৯৮ চনৰ ছবি 'দিল চে'ৰ বাবে প্ৰীতি জিণ্টা আৰু শ্বাহৰুখ খানৰ ওপৰত চিত্ৰিত ৷ এইটো এ আৰ ৰহমান আৰু গীতিকাৰ গুলজাৰৰ সৈতে লতা মংগেশকাৰৰ সৰ্বশ্ৰেষ্ঠ সহযোগিতাৰ ভিতৰত অন্যতম ।

লুকা চুপী (Rang De Basanti, 2006)

এইটো এনে এটা গান, যিয়ে এগৰাকী মাতৃৰ (ৱাহিদা ৰেহমান) জীৱনৰ বিষয়ে এক অন্তৰ্দৃষ্টি প্ৰদান কৰে যি তেওঁৰ একমাত্ৰ পুত্ৰ (আৰ মাধৱন)ৰ বিয়োগৰ সৈতে মোকাবিলা কৰি আছিল । ইয়াৰ উপৰিও এ আৰ ৰহমানৰ আৰু লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠই এই গানটোৰ সমগ্ৰ সাৰাংশটো আৰু অধিক আৱেগিক কৰি তুলিছিল ।

লগতে পঢ়ক : 39 বছৰত ভৰি দিলে অভিনেতা ৰণবীৰ কাপুৰে

Last Updated : Sep 28, 2021, 10:24 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.