চিটাৰা ডেস্ক,11 নৱেম্বৰঃ অসুস্থ কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ ৷ চিন্তিত দেশৰ জনসাধাৰণ ৷ এক জটিল অৱস্থাত মুম্বাইৰ ব্ৰিছ কেণ্ডী হাস্পাতালত ভৰ্ত্তি কৰোৱা হৈছিল প্ৰসিদ্ধ গায়িকাগৰাকীক ৷ ভাইৰেল সংক্ৰমণৰ ফলত শ্বাস প্ৰশ্বাসত লোৱাত অসুবিধাৰ সন্মুখীন হৈছিল গায়িকাগৰাকী ৷ অৱশ্যে স্বাস্থ্যৰ কিছু উন্নতি হোৱাত বৰ্তমান স্ব-গৃহলৈ ঘূৰি আহিছে গায়িকাগৰাকী ৷
ছেপ্টেম্বৰ 28 তাৰিখে 90 বছৰ বয়সত ভৰি দিয়া স্বনামধন্য গায়িকা গৰাকীয়ে কন্ঠ নিগৰাইছিল 1000তকৈও অধিক হিন্দী গীতত ৷