চিটাৰা ডেস্ক, 4 আগষ্ট: এগৰাকী গায়কৰ পৰা অভিনেতা আৰু এগৰাকী পৰিচালকৰ পৰা সংগীত ৰচনা কৰালৈকে নিজকে একক আৰু অনন্য স্থানত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা কিশোৰ কুমাৰৰ আজি 92 সংখ্যক জন্মদিন ৷ মহম্মদ ৰফি, মান্না দে আৰু লতা মংগেশকাৰৰ দৰে গায়ক সকলৰ সৈতে বলীউড সংগীতৰ সোণালী যুগক প্ৰতিনিধিত্ব কৰা গায়ক সকলৰ ভিতৰত কিশোৰ কুমাৰ অন্যতম ৷
1929 চনত আভাস কুমাৰ গাংগুলী হিচাপে জন্মগ্ৰহণ কৰা এই প্ৰবীন গায়কগৰাকীয়ে কেৱল playback সংগীতৰ জগতখনতে সীমাৱদ্ধ নাথাকি নিজকে এগৰাকী অভিনেতা, সংগীত পৰিচালক তথা গীতিকাৰ, চলচ্চিত্ৰ কাহিনী লেখক, চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক আৰু চিত্ৰনাট্যকাৰ হিচাপে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷ Bombay Talkiesত সমবেত সংগীতেৰে সংগীত জীৱন আৰম্ভ কৰা কুমাৰে 1948 চনত 'Ziddi'ৰ সৈতে নেপথ্য কন্ঠশিল্পীৰ যাত্ৰা আৰম্ভ কৰে ৷ খেমচান্দ প্ৰকাশৰ সংগীত পৰিচালনাৰে 'Marne Ki Duayen Kyon Mangu' হৈছে তেওঁৰ প্ৰথমটো গীত ৷
লগতে পঢ়ক: স্বামীৰ মৃত্যুৰ শোক বুকুত বান্ধি পুনৰ কৰ্মক্ষেত্ৰলৈ উভতিছে মন্দিৰা বেদী
Best Male Playback Singer শিতানত আঠটাকৈ ফিল্মফেয়াৰ বঁটা(Filmfare Award)ৰে সৈতে এই বহুমুখী প্ৰতিভাৰ গায়কগৰাকীৰ এই অভিলেখ এতিয়ালৈকে কোনেও ভাঙিবলৈ সক্ষম হোৱা নাই ৷ কেৱল হিন্দী আৰু বঙালী গীতেই নহয় তেওঁ মাৰাঠী, অসমীয়া, গুজৰাটী, কানাড়া, ভোজপুৰী, মালায়ালম আৰু উৰ্দু ভাষাতো বহুকেইটি গীত উপহাৰ দি গৈছে ৷
তেওঁৰ কেইখনমান সফল বাণিজ্যিক ছবি হ'ল Ladki, Naya Andaz, Bhagam Bhaag, Aasha, Chalti Ka Naam Gaadi আৰু বহুতো ৷ কুমাৰৰ Tum bin jaaon kahan, Zindagi ek safar hai suhana, Chala Jata Hoon আদি গীত এতিয়াও বহু সংগীতপ্ৰেমীৰ পচন্দৰ তালিকাৰ শীৰ্ষত আছে ৷
১৯৭০ ৰ দশকৰ পৰা আৰু ১৯৮০ ৰ দশকলৈ তেওঁ ৰাজেশ খান্না, অমিতাভ বচ্চন, ধৰ্মেন্দ্ৰ, জীতেন্দ্ৰ, দেৱ আনন্দ, শশী কাপুৰ, বিনোদ খান্না, দিলীপ কুমাৰ, শাম্মী কাপুৰ, ৰণধীৰ কাপুৰ, ঋষি কাপুৰ, নাচিৰুদ্দিন শ্বাহ, ৰজনীকান্ত আৰু অন্যান্যকে সকলকে ধৰি বহু অভিনেতাৰ বাবে তেওঁ কণ্ঠদান কৰিছে ৷ দুৰ্ভাগ্যবশতঃ, ১৯৮৭ চনৰ ১৩ অক্টোবৰত চলচ্চিত্ৰ জগতে কিংবদন্তি গায়কগৰাকীক হেৰুৱাব লগা হৈছিল ৷ 92 তম জন্ম জয়ন্তীত কিংবদন্তি গায়কগৰাকীলৈ ইটিভি ভাৰতৰ ফালৰ পৰাও থাকিল একাঁজলি শ্ৰদ্ধাঞ্জলি ৷
লগতে পঢ়ক: ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ আইনৰ ৰোষত Yo Yo Honey Singh