ETV Bharat / sitara

Katrina Kaif latest news: হোলীৰ পিছদিনাই কেটৰিণাই বিকীক এৰিলে 45 দিনৰ কাৰণে !

author img

By

Published : Mar 19, 2022, 3:12 PM IST

বিয়াৰ পিছত কৌশল পৰিয়ালৰে সৈতে প্ৰথমটো হোলী সুন্দৰকৈ উদযাপন কৰিলে কেটৰিণাই ৷ এতিয়া হোলীৰ পিছদিনাই শাহু, শহুৰ, দেৱৰ আৰু স্বামীক এৰি ক’লৈ গ’ল কেটৰিণা !(Katrina Kaif latest news)

Katrina Kaif latest news
কেটৰিণা আকৌ ব্যস্ত হৈ পৰিছে নিজৰ কামকলৈ

চিটাৰা ডেস্ক, 19 মাৰ্চ : বলীউডৰ বহুল চৰ্চিত যুঁটি বিকী-কেটৰিণাই প্ৰায়ে বাতৰিৰ শিৰোনামা দখল কৰি থাকে ৷ দুয়ো তাৰকাই বিয়াৰ পিছত একেলগে উদযাপন কৰিলে হোলী ৷ স্বামী বিকীৰ পিতৃ-মাতৃ আৰু ভাতৃৰ সৈতে মোহময়ী অভিনেত্ৰী কেটৰিণাই উদযাপন কৰিলে বিয়াৰ পিছৰ প্ৰথমটো হোলী ৷

হোলী উদযাপনৰ ভাল লগা মূহুৰ্তবোৰ নিজৰ অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰি হোলীৰ শুভেচ্ছা যাঁচে কেটৰিণাই ৷ হোলী উদযাপন কৰি এতিয়া কেটৰিণা আকৌ ব্যস্ত হৈ পৰিছে নিজৰ কামকলৈ (Katrina Kaif latest news) ৷ শুকুৰবাৰে হোলী খেলি শনিবাৰে আৰম্ভ কৰিলে তেওঁৰ আহিবলগীয়া ছবি ‘মেৰী খ্ৰীষ্টমাচ’ ৰ শ্বুটি্ং ৷ বিগত বৰ্ষৰ অন্তত এই ছবিখনৰ শ্বুটিং আৰম্ভ হৈছিল (Katrina Kaif upcoming movies) ৷

কেটৰিণা কাইফে প্ৰথমবাৰলৈ দক্ষিণৰ অভিনেতা বিজয় সেতুপতিৰে সৈতে কাম কৰিবলৈ লৈছে (Katrina Kaif movie with south actor) ৷ ‘মেৰী খ্ৰীষ্টমাচ’ ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব বিজয় আৰু কেটৰিণাই ৷ ছবিখনৰ পৰিচালনা শ্ৰী ৰাম ৰাঘৱনৰ ৷ ছবিখনৰ প্ৰথম পৰ্যায়ৰ শ্বুটিং বিগত বৰ্ষতেই শেষ কৰিছিল টীমটোৱে ৷ এতিয়া ছবিখনৰ দ্বিতীয় পৰ্যায়ৰ শ্বুটিং মুম্বাইত আৰম্ভ হৈছে ৷

প্ৰাপ্ত বাতৰি অনুসৰি, এই দ্বিতীয় পৰ্যায়ৰ শ্বুটিং প্ৰায় 45 দিনজুৰি চলিব ৷ মুম্বাইস্থিত এটা ষ্টুডিঅ’ত ছবিখনৰ বাবে এটা প্ৰকাণ্ড ছেট তৈয়াৰ কৰা হৈছে ৷ প্ৰথম অংশৰ শ্বুটিঙত বিজয় কেটৰিণাই বাথৰূমৰ দৃশ্যাংশ সমূহ সম্পূৰ্ণ কৰিছিল ৷

খ্ৰীষ্টমাচ সন্ধ্যাৰ এটা অনুষ্ঠানৰ কাহিনীক লৈ ছবিখন নিৰ্মাণ কৰা হৈছে ৷ এপ্ৰিল মাহলৈকে দ্বিতীয় পৰ্যায়ৰ শ্বুটিং শেষ হ’ব বুলি আশা প্ৰকাশ কৰিছে নিৰ্মাতাই ৷ মুম্বাইৰ কিছু কিছু বিশেষ স্থানত ছবিখনৰ সম্পূৰ্ণ শ্বুটিং কৰা হ’ব ৷

লগতে পঢ়ক: Priyanka Chopra holi celebration with Nick : লছ এঞ্জেলছত আবিৰৰ ৰঙত মতলীয়া নিক-প্ৰিয়ংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.