ETV Bharat / sitara

গৰ্ভধাৰণৰ ঘোষণাৰ পিছতেই কৰিণা কাপুৰে শ্বেয়াৰ কৰিলে এখন ফটো

author img

By

Published : Aug 14, 2020, 1:30 AM IST

বলিউডৰ মোহময়ী অভিনেত্ৰী কৰিণা কাপুৰৰ দ্বিতীয় গৰ্ভধাৰণৰ বাতৰিয়ে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে । অভিনেতা স্বামী চেইফ আলি খানৰ লগতে কৰিণাই তেওঁলোকৰ দ্বিতীয়টো সন্তানৰ প্ৰত্যাশা কৰিছে ।এই খবৰটো চেইফ আলি খানে নিজেই কৰিলে নিশ্চিত ।

Kareena Kapoor shares alluring selfie post-pregnancy announcement
গৰ্ভধাৰণৰ ঘোষণাৰ পিছতেই কৰিণা কাপোৰে শ্বেয়াৰ কৰিলে এখন ফটো

নিউজ ডেস্ক,১৩ আগষ্ট: বলিউডৰ মোহময়ী অভিনেত্ৰী কৰিণা কাপুৰৰ দ্বিতীয় গৰ্ভধাৰণৰ বাতৰিয়ে এতিয়া সকলোতে চৰ্চা লাভ কৰিছে । অভিনেতা স্বামী চেইফ আলি খানৰ লগতে কৰিণাই তেওঁলোকৰ দ্বিতীয় সন্তানৰ প্ৰত্যাশা কৰিছে ।এই খবৰটো চেইফ আলি খানে নিজেই কৰিলে নিশ্চিত ।

অভিনেতা গৰাকীয়ে ক'লে, আমাৰ পৰিয়ালত আৰু এগৰাকী সদস্য অন্তৰ্ভূক্ত হ'বলৈ গৈ আছে। আমি আমাৰ দ্বিতীয়টো সন্তানৰ আশা ৰাখিছো । ইফালে দ্বিতীয়বাৰ গৰ্ভৱতী হোৱা কৰিণাই তেওঁৰ এখন ফটো শ্বেয়াৰ কৰিলে ।

ফটোখনত কৰিণাক খুবেই সুন্দৰ দেখা গৈছে । ফটোৰ কেপচনত কৰিণাই লিখিলে, আৰু এটা দিন, আৰু এটা শ্বুটিং আৰু মোৰ এখন ভাল লগা চেল্ফি । অভিনেত্ৰী গৰাকীৰ গুনমুগ্ধ সকলে ফটো খনক অধিক পচন্দ কৰা পৰিলক্ষিত হৈছে । গুনমুগ্ধ সকলে কমেণ্টত অভিনেত্ৰী গৰাকীৰ সৌন্দৰ্য্যক ভূয়শী প্ৰশংসাৰে উপচাই পেলাইছে ।

উল্লেখ্য যে, ২০১২চনৰ ১৬ অক্টোবৰত এই দুই বলিউড শিল্পীয়ে বিবাহ পাশত আবদ্ধ হৈছিল । ২০১৬ চনৰ ২০ ডিচেম্বৰত তেওঁলোকৰ মাজলৈ আহিছিল প্ৰথমটো পুত্ৰ সন্তান টাইমুৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.