চিটাৰা ডেস্ক, 18 মাৰ্চ: সমগ্ৰ দেশতে আজি সকলো হৈ পৰিছে আবিৰৰ ৰঙত ৰঙীণ ৷ দেশজুৰি সকলোৱে উদযাপন কৰিছে হোলী ৷ সমান্তৰালকৈ বলীউড তাৰকা সকলকো ৰঙৰ উৎসৱ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে ৷ বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰ খানে হোলীৰ দিনটোত মালদ্বীপ ভ্ৰমণৰ এখন ফটো শ্বেয়াৰ কৰে ৷
ফটোখনত কৰীণাক পুত্ৰ জেহৰ সৈতে সাগৰৰ পাৰৰ বালিত ধেমালি কৰি থকা দেখিবলৈ পোৱা গৈছে ৷ কৰীণাই এইটো হোলী চেলিব্ৰেট কৰিছে নিজৰ পৰিয়ালৰে সৈতে ৷ মালদ্বীপত জেহৰ সৈতে বালিত বহি সেই বালিৰে টীলা তৈয়াৰ কৰাৰ ফটো শ্বেয়াৰ কৰি কৰীণাই লিখিলে, "হোলীত আমি মাটিৰ টীলা বনালো" (Kareena Kapoor holi celebration) ৷
কৰীণাই ডাঙৰ সন্তান টাইমূৰ আলিৰো এখন ফটো শ্বেয়াৰ কৰিলে য’ত টাইমূৰক ৱাটাৰ স্কুটাৰত বহি ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে (kareena kapoor latest post) ৷
লগতে পঢ়ক: প্ৰথমবাৰ একেলগে হোলী উদযাপন কৰিবলৈ সাজু কোন কোন বলীউডৰ নৱবিবাহিত দম্পতী