ETV Bharat / sitara

কৰণ জোহৰৰ ‘পদ্মশ্ৰী বঁটা’ক লৈ কি প্ৰতিক্ৰিয়া যমজ সন্তানৰ?

‘পদ্মশ্ৰী বঁটা’(Padma Shri Award) লাভ কৰাৰ পাচতে ছ’চিয়েল মিডিয়াযোগে আনন্দ আৰু সুখৰ অনুভৱ শ্বেয়াৰ কৰে বলীউডৰ জনপ্ৰিয় ছবি প্ৰযোজক কৰণ জোহৰে(Karan Johar) ৷ এই বঁটা লাভৰ পাচতে জোহৰৰ যমজ সন্তানে দেখুওৱা প্ৰতিক্ৰিয়াও তেওঁ ব্যক্ত কৰে ৷

author img

By

Published : Nov 9, 2021, 2:17 PM IST

karan johar kids on padma shri award
কৰণ জোহৰৰ সন্তানৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, 9 নৱেম্বৰ : দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী বঁটা’(Padma Shri Award) লাভ বলীউডৰ জনপ্ৰিয় ছবি প্ৰযোজক কৰণ জোহৰ(Karan Johar)ৰ ৷ সোমবাৰে ৰাজধানী দিল্লীস্থিত ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত এই বঁটা প্ৰদান অনুষ্ঠানত সন্মানিত কৰা হয় প্ৰযোজক কৰণ জোহৰক ৷

পদ্মশ্ৰী বঁটা লাভ কৰাৰ পাচতে ছ’চিয়েল মিডিয়াযোগে আনন্দ আৰু সুখৰ অনুভৱ শ্বেয়াৰ কৰে প্ৰযোজকগৰাকীয়ে ৷ বিশেষকৈ যমজ সন্তানৰ প্ৰতিক্ৰিয়াৰ কথা ব্যক্ত কৰে কৰণে ৷ তেওঁ কয় যে, এইটো তেওঁৰ জীৱনৰ এটা সঁচাকৈয়ে স্মৰণীয় মূহুৰ্ত ৷ এই সন্মানৰ দ্বাৰা তেওঁ প্ৰয়াত পিতৃক নিশ্চয়কৈ গৌৰৱ অনুভৱ কৰাব পাৰিছে ৷

লগতে এই আনন্দৰ মূহুৰ্তত মাতৃক কাষত পাই বহুত সুখী কৰণ জোহৰ ৷ তেওঁ লিখিছে, তেওঁৰ যমজ সন্তান যশ আৰু ৰুহীয়ে এই সন্মান লাভ কৰিছে নেকি সোধা প্ৰশ্নৰ উত্তৰত কৰণে কয় যে, ‘‘নিশ্চয় ৷ এদিন তোমালোকেও এই গৌৰৱ কঢ়িয়াই আনিবা’’ ৷

‘Kuch Kuch Hota Hai, ‘Kabhi Khushi Kabhie Gham’ ৰ দৰে জনপ্ৰিয় আৰু হিট বলীউডৰ ছবিৰ পৰিচালক আৰু প্ৰযোজক জোহৰে ছ’চিয়েল মিডিয়াৰ জৰিয়তে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ লগতে তেওঁ বঁটা লাভৰ সন্ধিয়া কৰণে পৰিধান কৰা ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা(Manish Malhotra)ৰ পোছাক পৰিধান কৰাৰ বাবে তেওঁক ধন্যবাদ জনায় ৷

উল্লেখ্য যে, এইবাৰ মুঠ 73 গৰাকী বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিক পদ্মশ্ৰী বঁটা প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ৷ ইয়াৰ ভিতৰত কিছুসংখ্যক ব্যক্তিক মৰণোত্তৰভাৱেও প্ৰদান কৰা হয় এই বঁটা । আনহাতে, 4 টা পদ্ম বিভূষণ, 8 টা পদ্মভূষণ আৰু 2020 বৰ্ষৰ বাবে 61 টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ পুনম পাণ্ডেৰ স্বামী চেম বোম্বে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.