ETV Bharat / sitara

'শ্বেৰশ্বাহ': কংগনা ৰাণাৱটে প্ৰশংসাৰে ওপচালে কৰণ জোহৰক ! - বিক্ৰম বাত্ৰালৈ এক গৌৰৱময় শ্ৰদ্ধাঞ্জলি

সততে ছবি নিৰ্মাতা কৰণ জোহৰ(Karan Johar) আৰু কংগনা ৰাণাৱট(Kangana Ranaut)ৰ মাজত বাকযুদ্ধ চলিয়েই থাকে । কিন্তু এইবাৰ কৰণ জোহৰ প্ৰযোজিত ছবিক লৈ প্ৰশংসাহে কৰিলে কংগনাই । শেহতীয়াকৈ মুক্তি লাভ কৰা 'শ্বেৰশ্বাহ'(Shershaah)ৰ কলা-কুশলীৰ প্ৰশংসাত পঞ্চমুখ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱট । কংগনাই কি ক'লে ছবিখনৰ বিষয়ে ? জানো আহক !

Kangana Ranaut lauds Shershaah, says 'what a glorious tribute'
'শ্বেৰশ্বাহ' ছবিক লৈ প্ৰশংসা কংগনা ৰাণাৱটৰ
author img

By

Published : Aug 26, 2021, 4:47 PM IST

Updated : Aug 26, 2021, 5:38 PM IST

চিটাৰা ডেস্ক, ২৬ আগষ্ট: কেপ্টেইন বিক্ৰম বাত্ৰা(Bikaram batra)ৰ জীৱন কাহিনীৰ ওপৰত নিৰ্মিত ছবি 'শ্বেৰশ্বাহ'(Shershaah)ক এক গৌৰৱময় শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিলে বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটে(Kangana Ranaut) । লগতে ছবিখনৰ সকলো কলা-কুশলীৰ কামৰো প্ৰশংসা কৰিলে অভিনেত্ৰীগৰাকীয়ে । উল্লেখ্য যে, কৰণ জোহৰ(Karan Johar) প্ৰযোজিত 'শ্বেৰশ্বাহ' ছবিখনে মুক্তি লাভ কৰাৰ পিছৰে পৰা যথেষ্ট সমাদৰ লাভ কৰিছে । ছবিখনৰ কাহিনী, কিয়াৰা আদৱানী(Kiara Advani), সিদ্ধাৰ্থ মালহোট্ৰা(Siddharth Malhotra)ৰ লগতে আন তাৰকাসকলৰ অভিনয়ে আপ্লুত কৰিছে দৰ্শকক । লগতে ছবিখনৰ গীতবোৰেও দৰ্শকৰ হৃদয় স্পৰ্শ কৰিছে ।

শেহতীয়াকৈ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটেও ইনষ্টাগ্ৰাম পোষ্টযোগে ছবিখনৰ বিষয়ে নিজৰ মতামত প্ৰকাশ কৰিলে । ছবি নিৰ্মাতা কৰণ জোহৰ আৰু কংগনাৰ মাজৰ বাকযুদ্ধৰ বিষয়ে সকলোৱে জানে । কিন্তু এইবাৰ কিছু ব্যতিক্ৰমী ৰূপত দেখা গৈছে কংগনাক । সমালোচনা নহয়, কৰণ জোহৰ প্ৰযোজিত ছবিক লৈ প্ৰশংসাহে কৰিলে অভিনেত্ৰীগৰাকীয়ে ।

'শ্বেৰশ্বাহ' ছবিৰ গোটেই দলটোৰ কামৰ শলাগ লৈছে কংগনাই । ইনষ্টাগ্ৰাম পোষ্টটোত কংগনাই উল্লেখ কৰিছে যে, এই ছবিখন দেশৰ হকে জীৱন উছৰ্গা কৰা কেপ্টেইন বিক্ৰম বাত্ৰালৈ এক গৌৰৱময় শ্ৰদ্ধাঞ্জলি । বিক্ৰম বাত্ৰাৰ চৰিত্ৰ ৰূপায়ণ কৰা সিদ্ধাৰ্থ মালহোত্ৰাকো প্ৰশংসা কৰে অভিনেত্ৰীগৰাকীয়ে ।

কংগনাই পোষ্টটোত লিখিছে যে, বিক্ৰম বাত্ৰা হিমাচলৰ এগৰাকী যুৱক আছিল । তেওঁ অতি জনপ্ৰিয় আছিল । সৈনিক হিচাপেও তেওঁ শত্ৰুৰে যুঁজ দিয়াত পিছহুহকি অহা নাছিল । বিক্ৰম বাত্ৰাৰ মৃত্যুৰ বাতৰিয়ে হিমাচলবাসীক মৰ্মাহত কৰিছিল আৰু এই খবৰ বনজুইৰ দৰে হিমাচলত বিয়পি পৰিছিল বুলি উল্লেখ কৰি অভিনেত্ৰীগৰাকীয়ে সেই সময়ৰ কথা ৰোমন্থন কৰে ।

এই ঘটনাই সকলোকে আঘাত দিছিল আৰু কংগনাও শোকবিহ্বল হৈ পৰিছিল । কংগনা সৰু হৈ থাকোঁতেই বিক্ৰম বাত্ৰাৰ শেষ সময় আহি পৰিছিল । পোষ্টটোত কংগনাই এইবোৰ কথা উল্লেখ কৰি সেনা জোৱানজনক স্মৰণ কৰে । লগতে তেওঁ 'শ্বেৰশ্বাহ' ছবিৰে জড়িত হৈ থকা গোটেই দলটোক উদ্দেশ্যি কয় যে, এইদৰে বিক্ৰম বাত্ৰাৰ জীৱন কাহিনীৰ ওপৰত ছবি নিৰ্মাণ কৰাটো তেওঁলোকৰ দায়িত্ব আছিল আৰু সকলোৱে এই দায়িত্ব গুৰুত্বসহকাৰে পালন কৰিছে ।

আনহাতে, কংগনাৰ পোষ্টটো সন্দৰ্ভত 'শ্বেৰশ্বাহ' ছবিৰ নিৰ্মাতাৰ দলে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই । আশ্চৰ্যজনকভাৱে কংগনাই পোষ্টটোত কৰণ জোহৰকো সমালোচনা কৰা নাই । আনহাতে, সকলোৱে কৰণ জোহৰৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰি আছে । কিয়নো কৰণ জোহৰ প্ৰযোজিত ছবিক লৈ কংগনাই প্ৰশংসা কৰিছে ।

লগতে পঢ়ক:u marry me : সোণাক্ষীলৈ অনুৰাগীৰ বিবাহৰ প্ৰস্তাৱ

Last Updated : Aug 26, 2021, 5:38 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.