চিটাৰা ডেস্ক, 14 ছেপ্তেম্বৰ: মুম্বাইত 6 দিন অতিবাহিত কৰাৰ পাচত মানালিলৈ উভতিছে অভিনেত্ৰী কংগনা ৰাণাৱট ৷ মুম্বাইৰ পালি হিলস্থিত বাসগৃহৰ পৰা প্ৰত্যক্ষ কৰা হৈছে অভিনেত্ৰী কংগনাক ৷
টুইটাৰযোগে এটি বাৰ্তা শ্বেয়াৰ কৰি কংগনাই কয় যে, ‘‘এখন ডাঙৰ হৃদয় লৈ মুম্বাই এৰিলো ৷ এইকেইটা দিনত মোক আক্ৰমণ কৰাৰ লগতে মোৰ কৰ্মস্থলী আৰু বাসগৃহও ভাঙি পেলোৱা হৈছে ৷ মোৰ চাৰিওকাষে অস্ত্ৰ-শস্ত্ৰৰে থকা সুৰক্ষা বাহিনীৰ বাবে মই সুৰক্ষিত হৈ আছিলো ৷ কিন্তু ক’ব লাগিব যে, পাকিস্তানক লৈ মোৰ ধাৰণা সাদৃশ্যপূৰ্ণ আছিল’’ ৷
ইফালে শিৱসেনাৰ সৈতে হোৱা মতানক্য সন্দৰ্ভত দেওবাৰে ৰাজভৱনত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল বি.এছ. কোশ্যাৰীক সাক্ষাৎ কৰে কংগনাই ৷ তেওঁৰ সৈতে হোৱা অন্যায় সম্পৰ্কে ৰাজ্যপালক অৱগত কৰিছিল কংগনাই ৷
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পাচত মুভী মাফিয়াতকৈও মুম্বাই আৰক্ষী ভয়ানক বুলি মন্তব্য কৰাক লৈ শিৱসেনা আৰু কংগনাৰ মাজত আক্ৰমণ-প্ৰত্য়াক্ৰমণ আৰম্ভ হৈছিল ৷ লগতে মহাৰাষ্ট্ৰক পাকিস্তানৰ লগতো তুলনা কৰিছিল অভিনেত্ৰী গৰাকীয়ে ৷
বুধবাৰে নিজ গৃহৰাজ্য হিমাচল প্ৰদেশৰ পৰা মুম্বাইলৈ আহিছিল কংগনা ৷ কিয়নো BMCয়ে তেওঁৰ বান্দ্ৰাস্থিত বাংলো আৰু পালি হিলত থকা কাৰ্যালয় সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল ৷