চিটাৰা ডেস্ক,31 অক্টোবৰ : কণ্ঠশিল্পী নেহা কক্কৰৰ পাচতে এইবাৰ বিবাহ পাশত আৱদ্ধ হ’ল বলিউড তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী কাজল আগৰৱাল ৷ শুকুৰবাৰে ব্যৱসায়ী গৌতম কিটছলুৰ সৈতে ঘৰুৱাভাৱে বিয়াত বহিল অভিনেত্ৰী কাজল ৷
- " class="align-text-top noRightClick twitterSection" data="
">
কাজল-গৌতমৰ বিবাহ অনুষ্ঠানত কেৱল তেওঁলোকৰ পৰিয়াল আৰু বন্ধু-বৰ্গ উপস্থিত থাকে ৷ বিবাহৰ সাজত কাজলে গুলপীয়া দুপত্তাৰ সৈতে স্কাৰ্লেট ব্ৰিডাল পোছাক পৰিধান কৰে ৷ আনহাতে গৌতমে ৰূপালী ৰঙৰ শ্বেৰৱানী পৰিধান কৰা পৰিলক্ষিত হৈছে ৷ বিবাহৰ পূৰ্বে কাজলে ইনষ্টাগ্ৰামযোগে এখন ব্লেক এণ্ড হোৱাইট ফটো শ্বেয়াৰ কৰে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
এক বগা ৰঙৰ বাথড্ৰৱত গা ধুই থকা অৱস্থাত তেওঁক পৰম্পৰাগত আ-অলংকাৰ আৰু গজৰা পৰিধান কৰা দেখা গৈছে ৷ কাজলৰ লেহেংগাই ফটোখনক অধিক আকৰ্ষণীয় ৰূপ দিছে ৷ কেপচনত কাজলে লিখিছে "Calm before the storm #kajgautkitched" ৷
- " class="align-text-top noRightClick twitterSection" data="
">
লগতে পঢ়ক : হিৰ'পন্টি 2 ত টাইগাৰ শ্ৰফৰ বিপৰীতে থাকিব তাৰা চোটাৰিয়া