ETV Bharat / sitara

ব্যাপক প্ৰস্তুতি চলিছে ফিল্মফেয়াৰ এৱাৰ্ডৰ, কি ক'লে জয়ন্ত মল্ল বৰুৱাই ?

ফিল্মফেয়াৰ এৱাৰ্ডলৈ মাজত মাত্ৰ এটা দিন ৷ 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডৰ পূৰ্বে পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল.....

jayanata malla baruah, press meet, jayanata malla baruah press, filmfare award, jayanata malla baruah news, jayanata malla baruah latest news
জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল
author img

By

Published : Feb 13, 2020, 6:36 PM IST

গুৱাহাটী,13 ফেব্ৰুৱাৰীঃ 65 সংখ্যক ফিল্মফেয়াৰ সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল । পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই ফিল্মফেয়াৰৰ সকলো প্ৰস্তুতি আৰু ফিল্মফেয়াৰ এৱাৰ্ডত তাৰকাৰ সমাহাৰ সন্দৰ্ভত সকলো কথা ৰাজহুৱা কৰে সংবাদমেল যোগে ৷

জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

65 সংখ্যক ফিল্মফেয়াৰলৈ আহিবলগীয়া নিশ্চিত বলীউড তাৰকাসকল হ'ল- অক্ষয় কুমাৰ, ৰণবীৰ সিং,বৰুণ ধাৱান, বিকী কৌশল, মাধুৰী দীক্ষিত , ৰাধিকা আপ্তে, পৰিণীতি চোপ্ৰা, কৰণ জোহৰ, আয়ুষ্মান খুৰাণা,কাৰ্তিক আৰিয়ান ,ৰাজকুমাৰ ৰাও,জাহ্নৱী কাপুৰ,সিদ্ধান্ত চৰ্তুবেদী, আলি ফেইজল, মানিষ পল,সুৰজ পাঞ্চোলি,সুজয় ঘোষ,অনুভৱ সিনহা,ভূমি পেডনেকাৰ,তাপসী পান্নু,পূজা হেগ্ৰে,চানী লিয়নি,অনন্যা পাণ্ডে, ৰিছা চড্ডা ৷

লগতে অসমৰ নিশ্চিত তাৰকাসকলৰ ভিতৰত জুবিন গাৰ্গ, সীমা বিশ্বাস, নিপন গোস্বামী 65 সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ড অনুষ্ঠানত উপস্থিত থাকিব। আনহাতে বলীউডত কৰ্মৰত অসমৰ কলা-কুশলী সকলৰ ভিতৰত আমন্ত্ৰণ নিশ্চিত হোৱা নাই অংগৰাগ পাপন মহন্ত, আদিল হুছেইন, জাহ্নু বৰুৱাক ধৰি বহু কেইজন শিল্পীৰ। লগতে পৰ্যটন বিভাগৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিয়ে যে 'Awsome Assam' আৰু 'Book my Show' ত বিক্ৰী হোৱা 90 শতাংশ টিকট ক্ৰয় কৰিছে অসমৰ দৰ্শকে। আনহাতে 65 সংখ্যক ফিল্মফেয়াৰ অনুষ্ঠানৰ আঁত ধৰিব কৰণ জোহৰ আৰু বিকী কৌশলে । লগতে শাৰীৰিক অসুস্থতাৰ বাবে অমিতাভ বচ্চন আৰু শ্বাহৰুখ খান উপস্থিত থাকিব নোৱাৰিব বুলি জানিবলৈ দিলে জয়ন্ত মল্ল বৰুৱাই ।

ফিল্মফেয়াৰ অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰিব পৰাকৈ কেইবাটাও অনুষ্ঠান থাকিব য'ত অসমৰ 150 গৰাকী শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰিব৷ অসমৰ অনুষ্ঠান সমূহৰ প্ৰতিনিধিত্ব কৰিব আইমী বৰুৱা ,গায়ত্ৰী মহন্তকে ধৰি বহু কেইগৰাকী অসমৰ শিল্পীয়ে। সৰ্বমুঠ 7006 টা আসন সমৃদ্ধ এই ফিল্মফেয়াৰ অনুষ্ঠানলৈ প্ৰায় সংখ্যক বলীউডৰ তাৰকা আহিব 14 তাৰিখে আৰু কিছু সংখ্যক 15 তাৰিখেও আহি উপস্থিত হ'ব অসমত ।

লগতে পঢ়কঃ চলমান খানক লগ কৰিবলৈ তিনিচুকীয়াৰ পৰা পেদেল মাৰি আহি আছে এজন অনুৰাগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.