চিটাৰা ডেস্ক, 4 ফ্ৰেব্ৰুৱাৰী : জানুৱাৰীৰ 31 তাৰিখে প্ৰবীণ অভিনেত্ৰী জয়া বচ্চন ক’ভিড-19ত আক্ৰান্ত হোৱাৰ কথা জানিব পৰা গৈছে (Jaya Bachchan tests positive for COVID-19) ৷ তেতিয়াৰে পৰা হোম আইচ’লেচনত আছে বিগ বিৰ পত্নী ৷ ইয়াৰ পূৰ্বে তেওঁলোকৰ জীয়ৰী শ্বেতা বচ্চন আক্ৰান্ত হৈছিল ক’ভিড-19 ত ৷
প্ৰাপ্ত বাতৰি অনুসৰি, জয়া বচ্চনে কৰণ জোহৰৰ নতুন চিনেমা ৰকি অউৰ ৰাণী কি প্ৰেম কি কাহিনীৰ শ্বুটিঙত ব্যস্ত আছিল ৷ অলপতে ক’ভিড-19 ত আক্ৰান্ত হোৱা শ্বাবানা আজমীৰ সৈতে শ্বুটিঙত ব্যস্ত আছিল তেওঁ ৷ দুয়োগৰাকী তাৰকাৰে স্বাস্থ্যলৈ মন কৰি বৰ্তমান ছবিখনৰ শ্বুটিং বন্ধ ৰখা হৈছে ৷ ছবিখনত বলিউদৰ এগৰাকী কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰয়ো এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৷
উল্লেখ্য যে, মহামাৰীৰ আৰম্ভণিতে বচ্চন পৰিয়ালৰ সকলো এই ৰোগত আক্ৰান্ত হৈছিল ৷ একমাত্ৰ জয়া বচ্চনৰ ৰিপ’ৰ্ট নিগেটিভ আহিছিল ৷
লগতে পঢ়ক: Karni Sena seeks ban on Prithviraj: অক্ষয় কুমাৰৰ ‘পৃথ্বীৰাজ’ৰ ওপৰত কৰ্নি সেনাৰনিষেধাজ্ঞা