ETV Bharat / sitara

Jacqueline Sukesh faced ED : জেকলিন ফাৰ্ণাণ্ডেজৰ বিৰুদ্ধে মিথ্যাচাৰৰ অভিযোগ

author img

By

Published : Dec 20, 2021, 11:35 AM IST

চৰ্চাত বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ ৷ সুকেশ চন্দ্ৰশেখৰৰ কোটিটকীয়া মানি লণ্ডাৰিং গোচৰৰ বাবে বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অভিনেত্ৰীগৰাকী (Jacqueline Sukesh faced ED) ৷ ED য়ে কৰা অনুমান মতে, সুকেশে জেকলিনক দিছিল কেইবা কোটিৰো উপহাৰ ৷

Jacqueline Fernandez is lying Sukesh Chandrashekhar claim to ED
চৰ্চাত জেকলিন ফাৰ্ণাণ্ডেজ

চিটাৰা ডেস্ক, 20 ডিচেম্বৰ : কিছুদিনৰে পৰা বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ সুকেশ চন্দ্ৰশেখৰৰ 200 কোটি টকাৰ মানি লণ্ডাৰিং গোচৰক কেন্দ্ৰ কৰি সংবাদ মাধ্যমৰ চৰ্চাত আছে ৷ জেকলিন আৰু সুকেশ চন্দ্ৰশেখৰৰ সম্পৰ্কৰ বিষয়েও অনুৰাগীৰ মাজত যথেষ্ঠ আলোচনা হৈছে ৷ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) জেকলিনক গোচৰটো সন্দৰ্ভত কেইবাবাৰো জেৰা কৰিছে ৷ ED য়ে পূৰ্বে প্ৰকাশ কৰিছিল যে, সুকেশে জেকলিনক কোটি কোটি টকাৰ উপহাৰ দিছিল ৷

ইডিয়ে এই বিষয়ে জেকলিনক প্ৰশ্ন কৰাত অভিনেত্ৰীগৰাকীয়ে প্ৰমাণ হিচাপে বিভিন্ন তথ্য দাখিল কৰে । কিন্তু ঘটনাই নতুন মোৰ লয় ৷ যেতিয়া সুকেশে ইডিৰ বিষয়াসকলক জেকলিনে মিছা মতা বুলি অভিযোগ দিয়ে ৷

জেকলিনে ইডিৰ বিষয়াসকলক দিয়া তথ্য মতে, জেকলিনৰ ভগ্নীয়ে সুকেশৰ পৰা 1.5 নিযুত ডলাৰৰ ঋণ লৈছিল ৷ এই কথা জানিব পাৰি সুকেশে জেকলিনে মিছা মতা বুলি দাবী কৰে ৷

সুকেশে দাখিল কৰা প্ৰতিবেদন অনুসৰি, তেওঁ জেকলিনৰ একাউণ্টত 1.8 নিযুত ডলাৰ ধন জমা দিছিল ৷ কেৱল এয়াই নহয়, জেকলিনৰ মাক জেৰালডিনক এখন বিলাসী বাহন BMW X5 উপহাৰ দিছিল ৷ পূৰ্বেও সুকেশে জেকলিনক কোটি কোটি টকাৰ মূল্যবান উপহাৰ দিয়াৰ কথা পোহৰলৈ আহিছে ৷ য’ত আছে এটা 52 লাখ টকীয়া ঘোঁৰা, বিভিন্ন ব্ৰেণ্ডৰ বেগ, পোছাক, জোতা, ব্ৰেচলেট আৰু কাণফুলি আদি আছে ৷

উল্লেখ্য যে, ২০১৭ চনত জেকলিন আৰু সুকেশৰ প্ৰথম চিনাকি হৈছিল ৷ মানি লণ্ডাৰিঙৰ গোচৰত (money laundering case against sukesh chandrasekhar) সুকেশক কাৰাগাৰলৈ নিয়াৰ পিছৰে পৰা দুয়োৱে লগ পোৱা নাই ৷

এই ঘটনাত বৰ্তমান নুৰা ফটেহীৰ নামো জড়িত হৈ পৰিছে ৷ সুকেশৰ পত্নী লীনা মাৰিয়াই নুৰাক এখন বিলাসী BMW বাহন উপহাৰ দিয়াৰ কথা পোহৰলৈ আহিছে ৷ আনহাতে, পূৰ্বতে প্ৰকাশ পোৱা অনুসৰি সুকেশে ভূৱা গৃহ সচিব হৈ ৰেনবেক্সিৰ পূৰ্ব প্ৰচাৰকৰ পত্নীৰ পৰা 200 কোটি টকা প্ৰতাৰণাৰে আদায় কৰিছিল ৷

লগতে পঢ়ক : Jacqueline Fernandez to appear before ED:পুনৰ জেৰাৰ সন্মুখীন হ'ব জেকলিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.