ETV Bharat / sitara

আলিয়া ভাট প্ৰযোজিত প্ৰথম ছবিখনক কিয় "ট্ৰিপল থ্ৰীট" বুলি ক'লে ৰণবীৰে ? - আলিয়া ভাট

সমাপ্ত হ'ল "ডাৰ্লিঙছ"(Darlings)ৰ দৃশ্যগ্ৰহণ । মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্ট(Instagram Post)যোগে এই কথা প্ৰকাশ কৰে অভিনেত্ৰী তথা ছবিখনৰ প্ৰযোজক আলিয়া ভাটে(Alia Bhatt) । আনহাতে, আলিয়াৰ পোষ্টটোত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰণবীৰ সিঙে(Ranveer Singh) আলিয়া প্ৰযোজিত প্ৰথমখন ছবিক "ট্ৰিপল থ্ৰীট" আখ্যা দিয়ে ।

Ranveer calls Alia's debut production triple threat
আলিয়া ভাট প্ৰযোজিত প্ৰথম ছবিখনক "ট্ৰিপল থ্ৰীট" আখ্যা দিলে ৰণবীৰে
author img

By

Published : Sep 8, 2021, 6:44 PM IST

চিটাৰা ডেস্ক, ৮ ছেপ্টেম্বৰ: "ডাৰ্লিঙছ"(Darlings) নামৰ ছবিখনৰ জৰিয়তে প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিছে বলীউড অভিনেত্ৰী আলিয়া ভাটে । শেহতীয়াকৈ ছবিখনৰ দৃশ্যগ্ৰহণ সমাপ্ত হৈছে । মঙলবাৰে ইনষ্টাগ্ৰাম পোষ্ট(Instagram Post)যোগে আলিয়াই জনাইছে যে, তেওঁ আৰু তেওঁৰ টীমে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম শেষ কৰিছে । ছবিখন সহ প্ৰযোজক হৈছে চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট ।

এই ছবিখনৰ জৰিয়তে লেখক জছমিত কে ৰীনেও পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰিছে । শ্বেফালী শ্বাহ, বিজয় বাৰ্মা আৰু ৰোশন মেথিউ অভিনীত এই ছবিখন ৰক্ষণশীল নিম্ন মধ্যবিত্ত পৰিয়ালৰ পটভূমিত নিৰ্মাণ কৰা হৈছে । ছবিখনত দুগৰাকী মহিলাৰ কাহিনীক নাট্যৰূপ দিয়া হৈছে । আলিয়া ভাটে ইনষ্টাগ্ৰামত এটা ৰিল পোষ্ট কৰিছে ।

ৰিলত দৃশ্যগ্ৰহণৰ সময়ৰ ফটো আৰু ভিডিঅ' প্ৰদৰ্শন কৰা হৈছে । আলিয়াই পোষ্টত উল্লেখ কৰিছে ছবিখন সুন্দৰকৈ নিৰ্মাণ কৰিবলৈ সাধ্য অনুসাৰে চেষ্টা কৰা হৈছে ।

ছবিখনে দৰ্শকৰ সমাদৰ লাভ কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে । আনহাতে, আলিয়াৰ এই পোষ্টটোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি সহ-অভিনেতা ৰণবীৰ সিঙে ছবিখনক "ট্ৰিপল থ্ৰীট" আখ্যা দিয়ে । কিয়নো, ছবিখনত শ্বেফালী, বিজয় আৰু আলিয়া ভাটৰ দৰে তিনিগৰাকী তাৰকাই অভিনয় কৰিছে । ইফালে, বিজয় বাৰ্মায়ো ইনষ্টাগ্ৰামত এটা ৰিল শ্বেয়াৰ কৰিছে আৰু কয় যে, ছবিখনত কাম কৰাটো তেওঁৰ বাবে আনন্দদায়ক আছিল ।

আটাইকেইগৰাকী অভিনেতা-অভিনেত্ৰী, আন কলা-কুশলীৰ কথাবোৰ তেওঁ মনত পেলাব বুলি উল্লেখ কৰে । ডাৰ্লিংছৰ উপৰিও আগন্তুক সময়ত আলিয়াক সঞ্জয় লীলা ভাঞ্চালীৰ "গংগুবাই কাঠিয়াৱাড়ী", এছ এছ ৰাজামৌলীৰ "আৰআৰআৰ", কৰণ জোহৰৰ "ৰকি ঔৰ ৰাণী কী প্ৰেম কাহানী"ত দেখা পোৱা যাব । লগতে ব্ৰহ্মাস্ত্ৰত ৰণবীৰ কাপুৰৰ সৈতেও দেখা পোৱা যাব আলিয়া ভাটক ।

লগতে পঢ়ক:অভিনেতা অক্ষয় কুমাৰৰ মাতৃ আৰু নাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.