ETV Bharat / sitara

কৰ্কট ৰোগক পৰাস্ত কৰিবলৈ দৃঢ় সংকল্পবদ্ধ সঞ্জয় দত্ত

author img

By

Published : Oct 15, 2020, 7:37 PM IST

কৰ্কট ৰোগক পৰাস্ত কৰিবলৈ আশাবাদী সঞ্জয় দত্ত ৷ ইনষ্টাগ্ৰামত এক ভিডিঅ'ৰ জৰিয়তে এই মন্তব্য কৰা দেখা পোৱা গ'ল অভিনেতাগৰাকীক ৷

কৰ্কটত আক্ৰান্ত সঞ্জয় দত্ত
অভিনেতা সঞ্জয় দত্ত

ছিটাৰা ডেস্ক, 15 অক্টোবৰ : কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা অভিনেতা সঞ্জয় দত্তই প্ৰথমবাৰৰ বাবে ৰোগ সম্পৰ্কত মন্তব্য আগবঢ়াইছে ৷ তেওঁ কয় যে, কৰ্কটক পৰাস্ত কৰিব বুলি তেওঁ আশাবাদী ৷

আগষ্টত 61 বৰ্ষীয় অভিনেতাগৰাকীয়ে ঘোষণা কৰিছিল যে, চিকিৎসাৰ বাবে তেওঁ অভিনয় জগতৰ পৰা কিছু বিৰতি গ্ৰহণ কৰিছে ৷

এক ইনষ্টাগ্ৰাম ভিডিঅ'ত বুধবাৰে সঞ্জয় দত্তক হেয়াৰ ষ্টাইলিষ্ট আলিম হাকিমৰ দ্বাৰা এক হেয়াৰকাট লোৱা প্ৰত্যক্ষ কৰা হৈছিল ৷

উল্লেখ্য যে, পত্নী তথা প্ৰযোজক মান্যতা দত্তৰ সৈতে যোৱা মাহত ডুবাইলৈ উৰা মাৰিছিল সঞ্জয় দত্ত ৷ শেহতীয়াকৈ চড়ক 2 ত অভিনয় কৰা দত্তক কেজিএফ: চেপ্তাৰ 2 আৰু শ্বমছেৰাত দেখা পোৱা যাব ৷

ভিডিঅ'টোত হেয়াৰকাটৰ অন্তত হাকিমে কয় যে, অভিনেতাগৰাকীৰ উৎসাহ দেখি তেওঁ সুখী হৈছে ৷ তেতিয়া দত্তই কয় যে, চিকিৎসাৰ পাচতে তেওঁ ওজন হেৰুৱাই পেলোৱাৰ পাচত এতিয়া পুনৰ ব্যায়াম আৰম্ভ কৰিছে ৷

তেওঁ কয়, "মোৰ মাংসপেশী পুনৰ উভতি আহিছে আৰু মই অতি সোনকালেই ইয়াৰ পৰা হাত সাৰিম ৷"

লগতে পঢ়ক : প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালামক শ্ৰদ্ধাঞ্জলি প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.