ETV Bharat / sitara

এজাক ধুমুহাৰ অন্তত ধুনীয়া বস্তুৰ আগমণ ঘটিব পাৰে: শিল্পাৰ প্ৰতিক্ৰিয়া

author img

By

Published : Sep 21, 2021, 1:38 PM IST

সোমবাৰে ৰাজ কুন্দ্ৰা(Raj Kundra)ই 60 দিনৰ অন্তত মুম্বাই আদালত(Mumbai Court)ৰ পৰা জামিন লাভ কৰাৰ পাচতে ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত পত্নী শিল্পা ছেট্টী(Shilpa Shetty)ৰ ৷ স্বামী কাৰাগাৰৰ পৰা ওলাই অহাৰ খবৰ পাই কি ক’লে শিল্পাই, সবিশেষ পঢ়ক...

shilpa shetty on raj kundra getting bail
ৰাজ কুন্দ্ৰাৰ জামিনৰ পাচত শিল্পা ছেট্টীৰ প্ৰতিক্ৰিয়া

চিটাৰা ডেস্ক, 21 ছেপ্তেম্বৰ: পৰ্ণ’গ্ৰাফী(Pornography) গোচৰত আটক হোৱা ব্যৱসায়ী তথা অভিনেত্ৰী শিল্পা ছেট্টী(Shilpa Shetty)ৰ স্বামী ৰাজ কুন্দ্ৰা(Raj Kundra)ই সোমবাৰে আদালতৰ পৰা জামিন লাভ কৰে ৷ লগতে মঙলবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি অনা হয় কুন্দ্ৰাক ৷ জামিনৰ খবৰ লাভ কৰাৰ পাচতেই ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে পত্নী শিল্পাই ৷

ইনষ্টাগ্ৰামযোগে শিল্পাই লিখিছে, ‘‘এজাক ধুমুহাৰ অন্তত ধুনীয়া বস্তুৰ আগমণ ঘটিব পাৰে’’ ৷ লগতে তেওঁ লিখিছে, ‘‘ৰামধেনুৱে দিছে ধুমুহাৰ অন্তত ধুনীয়া বস্তুৰ আগমণ ঘটাৰ উমান’’ ৷ সোমবাৰে মুম্বাই আদালতে(Mumbai Court) ৰাজ কুন্দ্ৰাক 50,000 টকাৰ বিনিময়ত জামিন দিয়াৰ পাচতে এইদৰে ছ’চিয়েল মিডিয়াযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শিল্পাই ৷

ইফালে মুম্বাই আদালতে কুন্দ্ৰাৰ সহযোগী ৰিয়ান থৰ্পকো জামিন প্ৰদান কৰিছে । সহযোগী ৰিয়ানেও মুঠ 50,000 টকাৰ জামানত দাখিল কৰিব লাগিব । কুন্দ্ৰাৰ ব্যক্তিগত অধিবক্তা নিৰঞ্জন মুণ্ডাৰ্গীয়ে জনোৱা মতে, পৰ্ণ’গ্ৰাফী গোচৰৰ চাৰ্জশ্বীট দাখিলৰ পাচতে কুন্দ্ৰাৰ জামিনৰ বাবে আবেদন জনোৱা হৈছিল আৰু আদালতে এই জামিন মঞ্জুৰ কৰিছে ৷

আনহাতে, মুম্বাই অপৰাধ শাখা(Mumbai Crime Branch)ৰ সম্পত্তি কোষে ব্যৱসায়ী কুন্দ্ৰাৰ বিৰুদ্ধে পৰ্ণ’গ্ৰাফী গোচৰৰ সন্দৰ্ভত এস্প্লেনেড আদালত(Esplanade Court)ত 1500 পৃষ্ঠাৰ এখন চাৰ্জশ্বীট দাখিল কৰিছে । মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰা বিবৃতি অনুসৰি, 1500 পৃষ্ঠাৰ চাৰ্জশ্বীটখনত গোচৰটো সন্দৰ্ভত শিল্পা ছেট্টীকে ধৰি 43 গৰাকী লোকৰ সাক্ষী অন্তৰ্ভুক্ত হৈ আছে ৷

অভিনেত্ৰী শ্বাৰ্লিন চোপ্ৰা, চেজল শ্বাহ, কুন্দ্ৰাৰ কোম্পানীৰ বহু মডেল আৰু কৰ্মচাৰীৰ বক্তব্য চাৰ্জশ্বীটখনত লিপিবদ্ধ কৰা বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি, গোচৰৰ সৈতে জড়িত দুজন অভিযুক্তৰ নামোঅন্তৰ্ভুক্ত আছে এই চাৰ্জশ্বীটখনত ৷

লগতে পঢ়ক: ৰাজ কুন্দ্ৰাৰ জামিন লাভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.