চিটাৰা ডেস্ক, ১ জানুৱাৰী: নৱবৰ্ষৰ প্ৰাক-ক্ষণৰ পৰাই বিদেশ ভ্ৰমণৰ বাবে ঢাপলি মেলিছে বলীউডৰ বহু তাৰকা । শেহতীয়াকৈ '৮৩' শীৰ্ষক ছবি খনৰ মুক্তিৰ পাচতে বলীউড অভিনেতা ৰণবীৰ সিং আৰু দীপিকা পাডুকণো মালদ্বীপলৈ গৈছে(Ranveer and deepika in Maldives) । ছবিখনৰ দৃশ্যগ্ৰহণ, প্ৰমোচনকে ধৰি বহু দিন ধৰি ব্যস্ত হৈ থকাৰ পাচত কিছু সময় আনন্দেৰে কটাবলৈ মালদ্বীপলৈ গৈছে ৰণবীৰ আৰু দীপিকা । কিন্তু দুয়োৰে এটা সৰু ভিডিঅ' ক্লিপে এতিয়া আমোদ দিছে অনুৰাগীসকলক ।
- " class="align-text-top noRightClick twitterSection" data="
">
ৰণবীৰে শুকুৰবাৰে ইনষ্টাগ্ৰাম পোষ্টযোগে শ্বেয়াৰ কৰিছে তেওঁলোকে আহাৰ গ্ৰহণ কৰি থকা সময়ৰ এই ভিডিঅ'টো আৰু সকলোকে তেওঁ নৱবৰ্ষৰ শুভেচ্ছা জনাইছে(Ranveer shared Deepika padukone's funny video) । ভিডিঅ'টোত দেখা গৈছে যে, দীপিকাই আহাৰ গ্ৰহণ কৰি আছে আৰু ৰণবীৰে দীপিকাক প্ৰশ্ন কৰিছে যে, তেওঁ আনন্দ পাইছেনে নাই । ৰণবীৰৰ প্ৰশ্নৰ উত্তৰত দীপিকাই কয় যে, "আমি ইয়ালৈ আনন্দ কৰিবলৈয়ে আহিছো আৰু নহ'লে কি কৰিবলৈ আহিছো" । শেহতীয়াকৈ মুক্তি লাভ কৰা দুয়োৰে ছবি '৮৩'ত কপিল দেৱৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰণবীৰে সিঙে কোৱা ডায়লগৰ দৰে একে সুৰতে উত্তৰ দিলে দীপিকাই ।
ছবিখনৰ এটা দৃশ্যত সাংবাদিকে কপিল দেৱৰ চৰিত্ৰ ৰূপায়ণ কৰা ৰণবীৰক প্ৰশ্ন কৰিছিল যে, "বিশ্বকাপত আপোনাৰ দল জয়ী হোৱাৰ সম্ভাৱনা সন্দৰ্ভত আপুনি কি বুলি ভাৱে ?"
এই প্ৰশ্নৰ উত্তৰত ৰণবীৰে কয় যে, "আমি ইয়াত জিকিবলৈ আহিছো । নহ'লে আমি ইয়ালৈ কিয় আহিছো ?" মালদ্বীপলৈ যোৱাৰ পূৰ্বে ৰণবীৰ-দীপিকাক মুম্বাই বিমানবন্দৰত দেখা পোৱা গৈছিল । উল্লেখ্য যে, '৮৩' শীৰ্ষক ছবি খনৰ পিছত এইবাৰ "গেহৰিয়া" ছবিত দেখা পোৱা যাব দীপিকা পাডুকণক ।
লগতে পঢ়ক:Shilpa Shirodkar tested Corona Positive : কৰ’ণাত আক্ৰান্ত অভিনেত্ৰী শিল্পা শিৰোদকাৰ