ETV Bharat / sitara

Birthday Special : ‘শ্যাম’ৰ পৰা ‘ৰাঘৱন’লৈকে সুনীল ছেট্টীৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহ...

60 বছৰত ভৰি দিলে অভিনেতা সুনীল ছেট্টীয়ে(Sunil Shetty) ৷ অভিনেতাগৰাকীলৈ জনোৱা জন্মদিনৰ শুভেচ্ছাৰে ভৰি পৰিছে ছ’চিয়েল মিডিয়া ৷ আহক উভতি যাও সুনীল ছেট্টীৰ অভিনয় জগতলৈ...

Happy Birthday Sunil Shetty
সুনীল ছেট্টীৰ জন্মদিন
author img

By

Published : Aug 11, 2021, 10:42 AM IST

Updated : Aug 11, 2021, 12:52 PM IST

চিটাৰা ডেস্ক, 11 আগষ্ট : 1961 চনৰ 11 আগষ্টত মাংগালোৰৰ মুল্কীত এটি মাংগালোৰীয়ান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল অভিনেতা সুনীল ছেট্টী(Sunil Shetty) ৷ অভিনয়ৰ উপৰিও চলচ্চিত্ৰ প্ৰযোজনা, ক্ৰীড়া আৰু ব্যৱসায়ৰ সৈতেও জড়িত হৈ আছে অভিনেতাগৰাকী ৷ 1992 চনত প্ৰয়াত অভিনেত্ৰী দিব্যা ভাৰতী(Divya Bharti)ৰ বিপৰীতে ‘Balwaan’ ছবিখনৰ দ্বাৰা বলীউডত(Bollywood) আত্মপ্ৰকাশ ঘটিছিল সুনীল ছেট্টীৰ ৷

60 সংখ্যক জন্মদিনৰ শুভক্ষণত আহক জুকিয়াই চাও অভিনেতাগৰাকীৰ কেইটামান শ্ৰেষ্ঠ চৰিত্ৰ...

1. Balwaan (1992) : ছবিখনে বলীউডত এগৰাকী এক্সন হিৰ’ হিচাপে পৰিচয় কৰায় সুনীল ছেট্টীক ৷ দীপক আনন্দৰ দ্বাৰা পৰিচালিত এই ছবিখন ছেট্টীৰ প্ৰথমখন হিন্দী চলচ্চিত্ৰ আছিল । প্ৰথমখন ছবিৰে ‘শ্যাম’ চৰিত্ৰটো ৰূপায়ণ কৰি দৰ্শকক মুগ্ধ কৰিবলৈ সক্ষম হৈছিল অভিনেতাগৰাকীয়ে ।

2. Gopi Kishan (1994) : এই ছবিখনত ডাবল ৰোল (Double Role)ৰ ভূমিকা ৰূপায়ণ কৰিছিল অভিনেতাগৰাকীয়ে ৷ চৰিত্ৰ দুটাৰ নাম আছিল হাৱলদাৰ গোপীনাথ আৰু কিষণ ৷

3. Mohra (1994) : সুনীল ছেট্টীৰ এই ছবিখনৰ ‘Tu Cheez Badi Hai Mast Mast’ শীৰ্ষক গীতটিয়ে অধিক জনপ্ৰিয়তা লাভ কৰিছিল ৷

4. Border (1997) : ভাৰতীয় সৈন্যসকলৰ সংগ্ৰাম, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ প্ৰতীক এই ছবিখনত এজন ভাৰতীয় সৈনিকৰ ভূমিকা ৰূপায়ণ কৰিছিল অভিনেতাগৰাকীয়ে ৷ ছবিখনে পৰিচালক জে পি দত্তৰ এখন আইক’নিক চলচ্চিত্ৰ হিচাপে স্বীকৃতি লাভ কৰে ।

5. Dhadkan (2000) : এই ৰোমাণ্টিক ছবিখনত শিল্পা ছেট্টী আৰু অক্ষয় কুমাৰৰ চৰিত্ৰতকৈ সুনীলৰ ‘দেৱ’ চৰিত্ৰটোৱে অনুৰাগী আৰু সমালোচকসকলৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছিল । দেৱৰ জনপ্ৰিয় সংলাপটো আছিল- ‘Tum muje bhul jao ye main hone nai dunga, Aur main tumhe bhul jau ye ho nai sakta’ ৷

6. Hera Pheri (2000) : এই কমেডী ছবিখনত সুনীল ছেট্টীয়ে ‘ঘনশ্যাম ত্ৰিপাঠী’ ৰ চৰিত্ৰত অভিনয় কৰিছিল ৷ যাক শ্যাম হিচাপে সম্বোধন কৰা হৈছিল । চলচ্চিত্ৰখনক বলীউডৰ সৰ্বকালৰ শ্ৰেষ্ঠ কমেডী ছবি হিচাপে গণ্য কৰা হয় ।

7. Main Hoon Na (2004) : আন এখন চুপাৰ হিট ছবি, য’ত খলনায়কৰ ৰূপত দেখা পোৱা গৈছিল সুনীল ছেট্টীক । ছবিখনত এগৰাকী প্ৰাক্তন ভাৰতীয় সৈনিক ‘ৰাঘৱন’ৰ চৰিত্ৰটো ইমান ভালদৰে চিত্ৰিত কৰা হৈছিল যে, তেওঁ খলনায়ক হিচাপেও অধিক প্ৰশংসা লাভ কৰিছিল ।

8. Dilwale (1994) : এই ছবিখনত সুনীল ছেট্টীয়ে এগৰাকী আৰক্ষী বিষয়াৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল । মুক্তিৰ সময়চোৱাত ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল ৷

বলীউডৰ এইগৰাকী মাল্টি টেলেণ্টেড অভিনেতাৰ জন্ম বাৰ্ষিকীৰ শুভক্ষণত ছ’চিয়েল মিডিয়াযোগে শুভেচ্ছা জনাইছে অলেখ গুণমুগ্ধৰ লগতে বলীউডৰ কলা-কুশলীসকলে ৷ ইটিভি ভাৰত চিটাৰাৰ তৰফৰ পৰাও অভিনেতা সুনীল ছেট্টীলৈ থাকিল জন্মদিনৰ শুভকামনা ৷

লগতে পঢ়ক : প্ৰযোজক হিচাপে আত্মপ্ৰকাশ কৰিব কৰীণা কাপুৰ খানে

Last Updated : Aug 11, 2021, 12:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.