ETV Bharat / sitara

30 বছৰীয়া হ'ল পৰিণীতি চোপ্ৰা

author img

By

Published : Oct 22, 2019, 3:29 PM IST

বিনিয়োগ ব্যৱস্থাপকৰ পৰা পৰিণীতি কেনেকৈ হ'লগৈ এগৰাকী সফল অভিনেত্ৰী ! এসময়ত ৰাণী মুখাৰ্জীৰ ব্যক্তিগত সহায়কো আছিল পৰিণীতি চোপ্ৰা ! আহক তেওঁৰ জন্মদিনটোত মোহময়ী অভিনেত্ৰী গৰাকীৰ বিষয়ে জানো কিছু নজনা ৰসাল কথা.....

পৰিণীতি চোপ্ৰা

চিটাৰা ডেস্ক,22 অক্টোবৰঃ বলীউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী পৰিণীতি চোপ্ৰা ৷ নিজৰ দুষ্টামিভৰা অভিনয়ৰে দৰ্শকক আপ্লুত কৰা অভিনেত্ৰীগৰাকীৰ আজি 30 সংখ্যক জন্মদিন ৷

PARINEETI CHOPRA
পৰিণীতি চোপ্ৰা

'লেডিজ ভাৰ্চেজ ৰিকি বহেল ', 'ইচকজাদে', 'সুধ দেশী ৰোমাঞ্চ' ,'হসি তহ ফচি','গোলমাল-4', 'নমস্তে ইংলেণ্ড'ৰ দৰে ছবিত কাম কৰা অভিনেত্ৰীগৰাকীয়ে জীৱনত কেতিয়াও ভবা নাছিল যে এদিন তেওঁ এগৰাকী অভিনেত্ৰী হ'ব ৷

PARINEETI CHOPRA
শিশুকালত পৰিণীতি চোপ্ৰা

1988 চনৰ 22 অক্টোবৰত হাৰিয়ানাৰ অম্বালাত জন্ম হৈছিল পৰিণীতি চোপ্ৰাৰ ৷ 17 বছৰ বয়সতে উচ্চ শিক্ষা গ্ৰহণৰ অৰ্থে লণ্ডনলৈ গৈছিল অভিনেত্ৰীগৰাকী ৷

PARINEETI CHOPRA
শিশুকালত পৰিণীতি চোপ্ৰা

পৰিণীতিয়ে মানচেষ্টাৰত "বিজনেচ স্কুল"ৰ পৰা বাণিজ্য , অৰ্থনীতি আৰু বিত্ত বিভাগত ত্ৰিপল ডিগ্ৰী লাভ কৰিছিল ৷ কিছু বছৰ অভিনেত্ৰীগৰাকীয়ে বিনিয়োগ ব্যৱস্থাপক হিচাপে কামো কৰিছিল ৷ কিন্তু 2009 চনত অভিনেত্ৰীগৰাকী ঘূৰি আহে ভাৰতবৰ্ষলৈ ৷

PARINEETI CHOPRA
পৰিণীতি চোপ্ৰা

তাৰ পাছতেই ভগ্নী (কাজিন) প্ৰিয়ংকা চোপ্ৰাৰ লগত থাকিবলৈ লয় আৰু ক্ৰমে অভিনয় ক্ষেত্ৰখনৰ প্ৰতি ধাউতি বাঢ়ে আৰু অভিনয় ক্ষেত্ৰখনত নিজকে নিয়োগ কৰে ৷ তাৰ পৰিণতিতে পৰিণীতাই 2011 চনত 'লেডীজ ভাৰ্চেজ ৰিকী বহেল 'ছবিত অভিনয় কৰি পদাৰ্পণ কৰে অভিনয় জগতত ৷ এইখন ছবিৰ বাবে পৰিণীতিয়ে শ্ৰেষ্ঠ নৱাগতা হিচাপে 'নেচনেল ফিল্ম ফেয়াৰ এৱাৰ্ড' লাভ কৰে ৷ তাৰ পিছতে পৰিণীতিয়ে 'ইচকজাদে' ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰে আৰু ছবিখনত কৰা সুন্দৰ অভিনয়ৰ বাবে ফিল্ম ফেয়াৰ এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ৷

PARINEETI CHOPRA
পৰিণীতি চোপ্ৰা

ইয়াৰোপৰি গান গোৱাত খুবেই ৰাপ আছে পৰিণীতিৰ ৷ এইখিনিতে জনাই থও যে,অভিনেত্ৰী গৰাকীয়ে সংগীততে লাভ কৰিছিল স্নাতক ডিগ্ৰী ৷ পৰিণীতিয়ে ইতিমধ্যে গীতো গাইছে বহুকেইখন বলীউডৰ ছবিত ৷ মেৰী প্যাৰি বিন্দুত তেওঁ "মানা কি হম য়াৰ নেহী" গীতটো গাইছিল ,যিটো গীত দৰ্শকে খুবেই পচন্দ কৰিছিল ৷

PARINEETI CHOPRA
পৰিণীতি চোপ্ৰা

আটাইতকৈ ৰসাল কথাটো হ'ল , যশৰাজ বেনাৰত কাম কৰাৰ সময়ত পৰিণীতি এদিনৰ বাবে হৈছিল ৰাণী মুখাৰ্জীৰ ব্যক্তিগত সহায়ক ( P.A ) ৷ পৰিণীতিয়ে জনোৱা মতে, ৰাণী মুখাৰ্জীয়ে প্ৰথমগৰাকী ব্যক্তি আছিল যি তেওঁক বলীউডত চেষ্টা কৰি চাবলৈ কৈছিল ৷

বৰ্তমান সময়ত বলীউডত পৰিণীতিৰ এক সুকীয়া পৰিচয় আছে ৷ সম্প্ৰতি হিন্দী ছবিৰ এগৰাকী মোহনীয় অভিনেত্ৰী হিচাপে পৰিণত হৈছে পৰিণীতি চোপ্ৰা ৷ আজিৰ এই বিশেষ দিনটোত ই টি ভি ভাৰত অসমৰ তৰফৰ পৰাও জনালোঁ অলেখ শুভকামনা ৷

Intro:Body:

PARINITI CHOPRA BIRTHDAY

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.