ETV Bharat / sitara

HAPPY BIRTHDAY জেকলিন ফাৰ্ণাণ্ডেজ

author img

By

Published : Aug 11, 2021, 1:21 PM IST

বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ আজি জন্মদিন ৷ বাহৰেইনত ডাঙৰ-দীঘল হোৱা অভিনেত্ৰীগৰাকীয়ে ভৰি দিলে 36 বছৰত ৷

HAPPY BIRTHDAY jacqueline fernandez
HAPPY BIRTHDAY জেকলিন ফাৰ্ণাণ্ডেজ

নিউজ ডেস্ক, 11 আগষ্ট : আজি বলীউডৰ অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজৰ জন্মদিন ৷ 36 বছৰত ভৰি দিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে ৷ 1985 চনৰ 11 আগষ্টত অভিনেত্ৰীগৰাকীৰ জন্ম হৈছিল শ্ৰীলংকাত ৷

HAPPY BIRTHDAY jacqueline fernandez
HAPPY BIRTHDAY জেকলিন

বাহৰেইনত ডাঙৰ-দীঘল হোৱা অভিনেত্ৰীগৰাকী বলীউডৰ সকলোৰে প্ৰিয় ৷ অভিনেত্ৰীগৰাকীৰ মোহময়ী হাঁহিটোৰ বাবে সকলোৰে প্ৰিয় তেওঁ ৷ জেকলিনৰ তিনি বছৰ বয়সত তেওঁৰ পৰিয়াল বাহৰেইনলৈ যোৱাৰ বাবে তেওঁৰ শৈশৱৰ বেছিভাগ সময় সেই ঠাইতে অতিবাহিত হৈছিল । মডেলিং কৰিবলৈ শ্ৰীলংকালৈ যোৱাৰ পূৰ্বেই তেওঁ অষ্ট্ৰেলিয়াৰ পৰা গণ সংযোগত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৷

জেকলিনে 2006 চনত মিচ শ্ৰীলংকা খিতাপ অৰ্জন কৰিছিল ৷ তদুপৰি লংকাৰ ব্যৱসায় প্ৰতিবেদন শীৰ্ষক এটা দূৰদৰ্শন অনুষ্ঠানৰ সঞ্চালনা কৰিছিল । 2009 চনত জেকলিনে ৰিতেশ দেশমুখৰ বিপৰীতে আলাদিন চলচিত্ৰত কৰা অভিনয়ৰ জৰিয়তে বলীউডৰ কেৰিয়াৰ আৰম্ভ কৰে । চৰিত্ৰটোৰ বাবে জেকলিনে 2010 চনত আইফা আৰু ষ্টাৰডাষ্ট বঁটাৰ তালিকাত শ্ৰেষ্ঠ নৱাগতাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ।

HAPPY BIRTHDAY jacqueline fernandez
HAPPY BIRTHDAY জেকলিন

উল্লেখযোগ্য যে, ইমৰান হাছমীৰ বিপৰীতে মহেশ ভাটৰ হিট ছবি মাৰ্ডাৰ 2 ত জেকলিনৰ অভিনয়ে যথেষ্ট মনোযোগ আকৰ্ষণ কৰিছিল । মাৰ্ডাৰ 2 ৰ সফলতাৰ পিছত, অভিনেত্ৰীগৰাকীয়ে হৃত্বিক ৰোশ্বনৰ বিপৰীতে ৰাজ 3 আৰু ক্ৰিশ 3 ত কায়াৰ চৰিত্ৰটো প্ৰত্যাখ্যান কৰাৰ বাবে শিৰোনাম দখল কৰে । অৱশ্যে জেকলিনে পিছত স্বীকাৰ কৰিছিল যে, ক্ৰিশ 3 প্ৰত্যাখ্যান কৰাৰ বাবে অনুশোচনা কৰিছিল ৷

2012 চনত জেকলিনে বিখ্যাত পৰিচালক চাজিদ খানৰ কমেডি হিট ছবি হাউচফুল 2 ত অভিনয় কৰে ৷ ইয়াৰ উপৰিও জেকলিনে বিভিন্ন ছবি, ৱেব চিৰিজৰ লগতে গীতটো অভিনয় কৰে ৷ অভিনেত্ৰীগৰাকীৰ আহিবলগীয়া ছবিসমূহৰ ভিতৰত আছে অক্ষয় কুমাৰৰ সৈতে বচ্চন পাণ্ডে আৰু ৰামসেঁতু, ৰণবীৰ সিঙৰ সৈতে চিৰকুছ । ইয়াৰ উপৰি জেকলিনে অৰ্জুন কাপুৰ, চেইফ আলী খান আৰু য়ামী গৌতমৰ সৈতে ভুত পুলিচৰ মুক্তিৰ অপেক্ষাত আছে ৷

HAPPY BIRTHDAY jacqueline fernandez
HAPPY BIRTHDAY জেকলিন

লগতে পঢ়ক: Birthday Special : ‘শ্যাম’ৰ পৰা ‘ৰাঘৱন’লৈকে সুনীল ছেট্টীৰ শ্ৰেষ্ঠ চৰিত্ৰসমূহ...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.