ETV Bharat / sitara

Birthday Special : উভতি যাও আয়ুষ্মান খুৰানাৰ Record Breaking ছবিৰ মাজলৈ...

author img

By

Published : Sep 14, 2021, 9:49 AM IST

বলীউডৰ মাল্টি টেলেণ্টেড অভিনেতা আয়ুষ্মান খুৰানাৰ(Ayushmann Khurrana)ৰ 37 সংখ্যক জন্মদিন ৷ তেওঁৰ জন্মদিনৰ এই শুভক্ষণত আহক আলোচনা কৰো তেওঁৰ কেইখনমান ৰেকৰ্ড ব্ৰেকিং ছবিৰ বিষয়ে...

ayushmann khurrana birthday
আয়ুষ্মান খুৰাণাৰ জন্মদিন

চিটাৰা ডেস্ক, 14 ছেপ্তেম্বৰ : 37 বছৰত ভৰি দিলে বলীউডৰ অভিনেতা আয়ুষ্মান খুৰানাই(Ayushmann Khurrana) ৷ 1984 চনৰ আজিৰ দিনটোতেই চণ্ডীগড়ত জন্ম লাভ কৰিছিল এইগৰাকী মাল্টি টেলেণ্টেড তাৰকাই ৷ নিশান্ত খুৰানা হিচাপে জন্মগ্ৰহণ কৰা আয়ুষ্মানৰ পিতৃ-মাতৃয়ে 3 বছৰ বয়সতে তেওঁৰ নাম নিশান্তৰ পৰিৱৰ্তে আয়ুষ্মানলৈ সলনি কৰি দিয়ে ৷

কলেজীয়া সময়চোৱাত পঢ়াৰ উপৰিও অভিনয়ৰ প্ৰতি আগ্ৰহী আছিল আয়ুষ্মান ৷ অৱশ্যে অভিনয়ৰ উপৰিও আয়ুষ্মান এগৰাকী কণ্ঠশিল্পীও ৷ অভিনয়ৰ লগতে কণ্ঠদান কৰি ইতিমধ্যে বহুকেইটা বঁটা লাভ কৰিছে আয়ুষ্মানে ৷ তেওঁৰ এই ওপজা দিনৰ শুভক্ষণত আহক জুকিয়াই চাও তেওঁৰ কেইখনমান ৰেকৰ্ড ব্ৰেকিং ছবিৰ বিষয়ে...

2012 চনত মুক্তি লাভ কৰা বলীউডৰ ছবি ‘বিকী ডোনৰ’(Vicky Donor)ৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ ঘটিছিল আয়ুষ্মান খুৰানাৰ ৷ ছবিখনত আয়ুষ্মানে এজন ‘স্পাৰ্ম ডোনৰ’ৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল ৷ বিকী ডোনৰত আয়ুষ্মানৰ বিপৰীতে আছিল অভিনেত্ৰী য়ামী গৌতম ৷ আয়ুষ্মানৰ এই প্ৰথম ছবিখনে বক্স অফিচত সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ছবিখনত স্পাৰ্ম ডোনেশ্যন আৰু আইভিএফৰ বিষয়টো স্পষ্টৰূপে দেখুওৱা হৈছে ৷

record breaking film of ayushmann khurrana
আয়ুষ্মান খুৰানাৰ Record Breaking ছবি

আয়ুষ্মান খুৰানা আৰু ভূমি পেডনেকাৰৰ ‘দম লগা কে হাইছা’ ছবিখনে অসংখ্য অনুৰাগীৰ দ্বাৰা প্ৰশংসা লাভ কৰিছে ৷ ছবিখনত আয়ুষ্মানৰ পত্নীৰ চৰিত্ৰ ৰূপায়ণ কৰিছে ভূমিয়ে, যাৰ দেহৰ ওজন জোখতকৈ বহু বেছি ৷ ক্ষীণ স্বামী আয়ুষ্মান পত্নীক লৈ সুখী নহয় ৷ কিন্তু এটা সময়ত দুয়ো এনে কিছুমান পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, য'ত পত্নীৰ মেদবহুলতাও স্বামীৰ বাবে গুৰুত্বপূৰ্ণ নহয় ।

2017 চনত মুক্তি পোৱা ‘শুভ মংগল সাৱধান’ ছবিখনত এজন যৌন বিকাৰগ্ৰস্ত(Erectile Dysfunction) পুৰুষৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আয়ুষ্মানে । ছবিখনত আয়ুষ্মানৰ পত্নীৰ ভূমিকাত অভিনয় কৰিছিল ভূমি পেডনেকাৰে ৷ বিশেষকৈ আয়ুষ্মানৰ চৰিত্ৰটোৱে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰাৰ লগতে দৰ্শকে ‘Erectile Dysfunction’ সম্পৰ্কেও বুজিব পাৰিছে ৷

2018 চনত মুক্তি লাভ কৰা ‘বধাই হো’ ছবিখনে অন্য ধৰণে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় ৷ ছবিখনত আয়ুষ্মানৰ মাতৃৰ ভূমিকা ৰূপায়ণ কৰা নীনা গুপ্তা বৃদ্ধ বয়সত গৰ্ভৱতী হয় ৷ সেইবাবে সমাজে তেওঁক ঠাট্টা-মস্কৰা কৰে ৷ কিন্তু ছবিখনে শেষৰফালে সমাজলৈ এক বাৰ্তা প্ৰেৰণ কৰে ৷

আয়ুষ্মান খুৰানাৰ Record Breaking ছবি
আয়ুষ্মান খুৰানাৰ Record Breaking ছবি

আয়ুষ্মান খুৰানাৰ ‘আৰ্টিকল 15’ ছবিখনে সাধাৰণতে জাতি-বৰ্ণক(Caste System) লৈ চলা প্ৰথাৰ প্ৰকৃত ছবি উদঙাই দিয়ে ৷ নিম্ন শ্ৰেণীৰ লোকসকলে কিদৰে এই চিষ্টেমৰ বলি হ’বলগীয়া হয়, ছবিখনত এগৰাকী আই পি এছ বিষয়াৰ ভূমিকা ৰূপায়ণ কৰা আয়ুষ্মান খুৰানাই সমগ্ৰ তথ্য পোহৰলৈ আনে ৷

2020 বৰ্ষত মুক্তি লাভ কৰা ‘শুভ মংগল জ্যাদা চাৱধান’ ছবিখনত আয়ুষ্মান খুৰাণাই এজন গে(Gay)ৰ চৰিত্ৰ ৰূপায়ণ কৰে ৷ তেওঁৰ আন এজন পুৰুষৰ সৈতে সম্পৰ্ক গঢ়ি উঠে ৷ সমাজত চলি থকা এনেধৰণৰ সম্পৰ্কৰ ক্ষেত্ৰত মুখামুখি হোৱা সমস্যা আৰু প্ৰত্যাহ্বান ছবিখনৰ জৰিয়তে সুন্দৰকৈ উপস্থাপন কৰা দেখা যায় ৷

লগতে পঢ়ক: 8 বছৰ সম্পূৰ্ণ Barfi ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.