চিটাৰা ডেস্ক, ২৩ জুলাই: ছবি নিৰ্মাতা হঞ্চল মেহতাৰ আগন্তুক ছবি "কেপ্টেইন ইণ্ডিয়া"(Captain India)ৰ বাবে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় বলীউড অভিনেতা কাৰ্তিক আৰ্য়ন । এক্সন ছবিখনত এগৰাকী পাইলটৰ চৰিত্ৰ ৰূপায়ণ কৰিব কাৰ্তিকে । ৰণি স্ক্ৰুৱালা আৰু হৰমন বাৱেজাই প্ৰযোজনা কৰিবলগীয়া ছবিখনৰ ফাৰ্ষ্ট লুক শ্বেয়াৰ কৰা হৈছে । এখন যুদ্ধবিধ্বস্ত দেশৰ পৰা ভাৰতৰ সফল উদ্ধাৰ অভিযানৰ কাহিনীৰ আধাৰতে ছবিখন নিৰ্মাণ কৰা হ'ব ।
ছবিখনত কাম কৰাৰ বিষয়ে কাৰ্তিক আৰ্য়নে কয় যে, কেপ্টেইন ইণ্ডিয়া অনুপ্ৰেৰণাদায়ক আৰু ৰোমাঞ্চকৰ ছবি । দেশৰ এনে এক ঐতিহাসিক অধ্যায়ৰ অংশ হ'বলৈ পোৱাটো তেওঁৰ বাবে গৌৰৱৰ কথা বুলি প্ৰকাশ কৰে কাৰ্তিকে । তেওঁ লগতে কয় যে, হঞ্চল মেহতাৰ কামক তেওঁ সন্মান কৰে আৰু তেওঁৰ সৈতে একেলগে কাম কৰিবলৈ পোৱা এয়া এক ভাল সুযোগ । আনহাতে, মেহতাই কয় যে, সঁচা ঘটনাৰ আধাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনে দৰ্শকক এনে এটা মুহূৰ্তৰ সৈতে পৰিচয় কৰাব, য'ত দৰ্শকে নিজৰ দুখ এৰি ছবিখনৰ কাহিনীৰ সৈতে একাত্ম হৈ পৰিব ।
ছবিখনত ৰণি স্ক্ৰুৱালা আৰু হৰমন বাৱেজাৰ সৈতে একেলগে কাম কৰিবলৈ পাই সুখী বুলিও মন্তব্য কৰে মেহতাই । লগতে কাৰ্তিকৰ সৈতে কাম কৰিবলৈ তেওঁ অপেক্ষা কৰি আছে বুলি মন্তব্য কৰে ।
ইফালে প্ৰযোজক ৰণি স্ক্ৰুৱালাই কয় যে, হঞ্চল মেহতা তেওঁলোকৰ সময়ৰ অন্যতম শ্ৰেষ্ঠ ছবি নিৰ্মাতা আৰু সদায়ে মানৱীয় কাহিনীৰ প্ৰকৃত সাৰাংশ সুন্দৰভাৱে ধৰি ৰাখি তেওঁ ছবি নিৰ্মাণ কৰে । কাৰ্তিক আৰ্য়নৰ অনুৰাগীসকলে নিশ্চিতভাৱে কেপ্টেইন ইণ্ডিয়াৰ সৈতে এক নতুন ৰূপত কাৰ্তিক দেখা পাব বুলি তেওঁ মন্তব্য কৰে । লেখক তথা প্ৰযোজক হাৰমান বাৱেজাই কয় যে, কেপ্টেইন ইণ্ডিয়া হৈছে এনে এখন ছবি যিয়ে এক অনুপ্ৰেৰণাদায়ক মানৱ কাহিনী আৰু এক আনন্দদায়ক ছবিৰ অভিজ্ঞতাৰ নিখুঁত ভাৰসাম্য বজাই ৰাখিব ।