চিটাৰা ডেস্ক, 18 ফ্ৰেব্ৰুৱাৰী: সদায় নিজৰ বিয়াৰ প্ৰশ্ন এৰাই চলা বলীউড যুঁটি ফাৰহান-শিৱানী অৱশেষত এক হ’বলৈ আগবাঢ়িছে ৷ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিবাহৰ পূৰ্বৰ অনুষ্ঠানসমূহ (Farhan Shibani Wedding) ৷
বিবাহ অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰ ফটো ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে ৷ ৰিয়া চক্ৰৱৰ্তী, অমৃতা আৰোৰা লগতে কইনাৰ ভনীয়েক অনুষা আৰু অপেক্ষা দাণ্ডেকাৰৰ ফটো সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে ৷
- " class="align-text-top noRightClick twitterSection" data="
">
প্ৰাপ্ত খবৰ অনুসৰি, ফাৰহান আৰু শিৱানীয়ে নিজ নিজ ধৰ্মৰ ৰীতি-নীতিসমূহ নিজৰ বিশেষ দিনটোৰ পৰা আঁতৰাই মাৰাথী নিয়মেৰে বিয়াত বহিব (Farhan Shibani Marathi Wedding) ৷ বহু সময় ধৰি প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা এই যুঁটিয়ে শনিবাৰে পাতনি মেলিব যুগ্ম জীৱনৰ ৷
লগতে পঢ়ক: Akshay Kumar New Movie: বচ্চন পাণ্ডেত দেশী গুণ্ডাৰ ৰূপত অক্ষয় কুমাৰ