চিটাৰা ডেস্ক,3 অক্টোবৰ: শনিবাৰে NDPSৰ বিশেষ আদালতে Dharmatic Entertainmentৰ প্ৰাক্তন কাৰ্যবাহী পৰিচালক ক্ষিতিজ ৰবি প্ৰসাদক 6 অক্টোবৰলৈ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত নাৰ্কোটিকছ কন্ট্ৰোল ব্যুৰ’ৱে গ্ৰেপ্তাৰ কৰিছিল কাৰ্যবাহী পৰিচালক গৰাকীক ৷
ইয়াৰ পূৰ্বে NCBয়ে আদালতক জনোৱা অনুসৰি,প্ৰসাদে অন্য এজন ড্ৰাগছ ব্যৱহাৰকাৰী কৰ্মজিৎ আৰু দুই সহযোগীৰ সৈতে ড্ৰাগছৰ সৰবৰাহ কৰিছিল ৷
আনহাতে প্ৰসাদৰ ব্যক্তিগত অধিবক্তা শতীশ মানেচিন্দেই আদালতত কৈছিল যে,ছবি পৰিচালক কৰণ জোহৰৰ বিৰুদ্ধে অভিযোগ দিবলৈ NCBয়ে সকলোকে ব্লেকমেইল কৰি আছে ৷
লগতে পঢ়ক: সুশান্তৰ মৃত্যুৰ তদন্ত : এইমছৰ ফৰেন্সিক দলৰ অন্তিম প্ৰতিবেদন দাখিল