ETV Bharat / sitara

Money Laundering Case : পুনৰ জেকলিন ফাৰ্ণাণ্ডেজক সোধ-পোচ কৰিব EDয়ে

author img

By

Published : Oct 14, 2021, 3:23 PM IST

15 অক্টোবৰত ৰাজধানী দিল্লীস্থিত প্ৰৱৰ্তন সঞ্চলকালয়(ED)ৰ কাৰ্যালয়ত পুনৰ সোধ-পোচ কৰা হ’ব অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ(Jacqueline Fernandez)ক ৷ তিহাৰ কাৰাগাৰ(Tihar Jail)ৰ ভিতৰত 200 কোটি টকা উদ্ধাৰ অৰ্থাৎ সুকেশ চন্দ্ৰশেখৰ(Sukesh Chandrasekhar) গোচৰত সাঙোৰ খাইছিল জেকলিনৰ নাম ৷

ed to question jacqueline fernandez again
পুনৰ জেকলিন ফাৰ্ণাণ্ডেজক সোধ-পোচ কৰিব EDয়ে

চিটাৰা ডেস্ক, 14 অক্টোবৰ : ৰাজধানী দিল্লীস্থিত তিহাৰ কাৰাগাৰ(Tihar Jail)ৰ ভিতৰত 200 কোটি টকা উদ্ধাৰ গোচৰৰ পুনৰ তদন্ত আৰম্ভ কৰিছে প্ৰৱৰ্তন সঞ্চলকালয়ে(ED) ৷ কাৰাগাৰৰ এই Money Laundering গোচৰত নৃত্যশিল্পী তথা বলীউডৰ অভিনেত্ৰী নোৰা ফতেহী(Nora Fatehi)ৰ নামো সাঙোৰ খাইছে ৷

  • Delhi: Actor & dancer Nora Fatehi reaches the Enforcement Directorate (ED) office to join the investigation in connection with the conman Sukesh Chandrashekhar case pic.twitter.com/c3t5YEMEaA

    — ANI (@ANI) October 14, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

সেয়হে বৃহস্পতিবাৰে নোৰাক সোধ-পোচৰ বাবে নিজ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ জাৰি কৰে ইডিয়ে ৷ ইতিমধ্যে ইডিৰ দিল্লীস্থিত কাৰ্যালয়ত উপস্থিত হৈছে নোৰা ফতেহী ৷ ইফালে, এই সুকেশ চন্দ্ৰশেখৰ(Sukesh Chandrasekhar) গোচৰত মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজ(Jacqueline Fernandez)ৰ নামো সাঙোৰ খাইছে ৷

সেয়েহে 15 অক্টোবৰত ইডিৰ কাৰ্যালয়ত জেকলিনক জেৰা কৰা হ’ব বুলি সূত্ৰযোগে প্ৰকাশ পাইছে ৷ বিগত মাহতো দিল্লীৰ ইডি কাৰ্যালয়ত পাঁচ ঘণ্টা সময় ধৰি সোধ-পোচ কৰা হৈছিল জেকলিনক ৷ উল্লেখ্য যে, 200 কোটি টকাৰো অধিক মূল্যৰ প্ৰৱঞ্চনা আৰু মুক্তিপণৰ অভিযোগত অভিযুক্ত সুকেশ চন্দ্ৰশেখৰৰ সৈতে জড়িত এক গোচৰত জেকলিন ফাৰ্ণাণ্ডেজৰ বিবৃতি সাক্ষী হিচাপে লিপিবদ্ধ কৰা হৈছিল ।

এতিয়া পুনৰ এবাৰ জেকলিনক ইডিৰ কাৰ্যালয়ত উপস্থিত হ’বলৈ নিৰ্দেশ কৰা হয় ৷ প্ৰৱঞ্চক চন্দ্ৰশেখৰ আৰু তেওঁৰ পত্নী লীনা মাৰিয়া পলৰ বিৰুদ্ধে ধন ৰপ্তানিৰ এজাহাৰ দাখিল কৰিছিল জেকলিনে ৷ ইয়াৰ পাচতে Prevention of Money Laundering Act (PMLA)ৰ অধীনত জেকলিনৰ বিবৃতি লিপিবদ্ধ কৰে আৰক্ষীয়ে ৷

চলিত বৰ্ষত গ্ৰেপ্তাৰ কৰা হৈছিল প্ৰৱঞ্চক সুকেশ চন্দ্ৰশেখৰক ৷ সুকেশৰ বিৰুদ্ধে কাৰাগাৰৰ ভিতৰৰ পৰা 200 কোটি টকা পুনৰুদ্ধাৰৰ এক অভিযোগ আছে । লগতে সুকেশ চন্দ্ৰশেখৰে এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ পত্নীক 50 কোটি টকা দাবী কৰিছিল ৷

যেতিয়া আৰক্ষীয়ে ইয়াৰ উমান পাইছিল, তাৰ পাচতে তিহাৰ কাৰাগাৰত অভিযান চলাই সুকেশৰ পৰা দুটা ম’বাইল জব্দ কৰিছিল আৰক্ষীয়ে । এই গোটেই ঘটনাটোত অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সাক্ষী হিচাপে লৈছে ইডিয়ে ৷

লগতে পঢ়ক : পত্নী দীপিকাই থাপ্পড় মাৰিব বুলি কিয় ভয় ৰণবীৰৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.