চিটাৰা ডেস্ক,1 জানুৱাৰীঃ বলীউড অভিনেত্ৰী দিশা পাটানী বৰ্তমান ব্যস্ত হৈ আছে তেওঁৰ আহিবলগীয়া ছবি মলংগৰ প্ৰচাৰৰ কামত ৷ ইয়াৰ মাজতে অভিনেত্ৰীগৰাকীয়ে এটা সাক্ষাৎকাৰত নিজৰ প্ৰেম সম্বন্ধে বহু কথাই আলোচনা কৰে ৷ শেহতীয়াকৈ দিশা পাটানীক প্ৰেমৰ পৰিভাষা সম্বন্ধে সোধাত অভিনেত্ৰীগৰাকীয়ে কয়," ভালপোৱা সম্বন্ধটো যথেষ্ট গুৰুত্বপূৰ্ণ ৷ প্ৰেমৰ সম্পৰ্কসমূহ যথেষ্ট প্ৰেৰণাদায়ক হয় ৷ প্ৰেমত যথেষ্ট প্ৰেৰণা দায়িনী শক্তি থাকে ৷ আপুনি জীৱনত যিয়ে নকৰক সেয়া প্ৰেমৰ কাৰণেই হয় বা সেয়া প্ৰেমকলৈয়ে হয় ৷ "
লগতে কয় যে, "মৰমৰ অবিহনে মানুহ কেনেকৈ থাকিব পাৰে ? মোৰো প্ৰথম দৃষ্টিতেই প্ৰেম হৈছিল ৷ মোৰ কাৰণে প্ৰেমত পৰাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা আছিল ৷ মই প্ৰথম দিনাই পখিলাৰ নিচিনা এটা বিশেষ অনুভৱ কৰিলোঁ ৷ যদি এনেকুৱা অনুভৱ প্ৰথম দিনটোত নহয়, তেতিয়াহ'লে তাত প্ৰেমেই নাই ৷ "
" যেতিয়া মই এটা ৰিলেশ্যনশ্বিপৰ মাজত থাকো ,তেতিয়াহে মই নিজকে এজনী ছোৱালী যেন অনুভৱ কৰোঁ, সেয়ে মই এনেকুৱা এজন বিচাৰো যি মোক মই ছোৱালী হোৱাৰ অনুভৱখিনি দিব পাৰে ৷ "
এইখিনিতে জনাই থওঁ যে, দিশা পাটানী আৰু টাইগাৰ শ্ৰফৰ প্ৰেমৰ গুজৱৰ চলি আহি আহিছে বহুদিনৰ পৰা ৷ অৱশ্যে এতিয়ালৈকে দুয়োৱে নিজৰ প্ৰেমৰ স্থিতি স্পষ্ট কৰা নাই ৷
কামৰ কথালৈ গ'লে , আগন্তুক 7 ফেব্ৰুৱাৰী তাৰিখে ছবিগৃহলৈ আহি আছে দিশা পাটানীৰ নতুন ছবি মলংগ ৷ মোহিত সুৰীয়ে নিৰ্দেশনা আগবঢ়োৱা ছবিখন নিৰ্মাণ কৰিছে টি চিৰিজৰ ভূষণ কুমাৰ , কৃষ্ণ কুমাৰ, লাভ ফিল্মছৰ লাভৰঞ্জন, অংকুৰ গাৰ্গ আৰু নৰ্ডান লাইটছ এন্টাৰটেইনমেন্টৰ জে.শেৱাক্ৰমানীয়ে ৷