ETV Bharat / sitara

ছবি ‘83’ৰ পৰা দীপিকা পাডুকনৰ প্ৰথমটো লুক শ্বেয়াৰ

author img

By

Published : Feb 19, 2020, 2:06 PM IST

আগন্তুক বাস্তৱমূলক খেলধৰ্মীয় ছবি ‘83’ৰ বাবে চ’ছিয়েল মিডিয়াত বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে শ্বেয়াৰ কৰিছে তেওঁৰ প্ৰথমটো লুক৷

Deepika Padukone shares her look from 83
ছবি‘83’ৰ পৰা দীপিকা পাডুকনৰ প্ৰথমটো লুক শ্বেয়াৰ

চিটাৰা ডেস্ক,19 ফেব্ৰুৱাৰীঃ আগন্তুক বাস্তৱমূলক খেলধৰ্মীয় ছবি ‘83’ত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিব বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ৷ বিখ্যাত ক্ৰিকেট খেলুৱৈ তথা বলাৰ কপিল দেৱৰ জীৱন ভিত্তিক ছবিখনত কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিব অভিনেতা ৰণবীৰ সিং আৰু কপিল দেৱৰ পত্নী ৰোমী দেৱৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব অভিনেত্ৰী দীপিকা পাডুকনক ৷

নিৰ্দেশক কবীৰ খানৰ নিৰ্দেশিত ছবি ‘83’ত ৰণবীৰ সিঙৰ লুকটো প্ৰচাৰ হোৱাৰ পিছত দীপিকা পাডুকনৰ লুকটো চাবলৈ সকলোৱে উৎসুক হৈ আছিল অনুৰাগীসকল ৷ অৱশেষত দীপিকা পাডুকনে তেওঁৰ নিজৰ চ’ছিয়েল মিডিয়া একাউণ্টৰ যোগেদি নিজৰ চৰিত্ৰটোৰ বিষয়ে প্ৰচাৰ কৰে ৷ দীপিকাই চৰিত্ৰ ব্যাখ্যা প্ৰচাৰত কয় ‘‘এনেকুৱা এখন ছবিত অংশীদাৰ হ’বলৈ পাই নিজকে গৌৰৱ অনুভৱ কৰিছো ৷ সঁচাকৈয়ে এইটো এটা খেল জগতৰ ক্ষেত্ৰত ঐতিহাসিক মূহুৰ্ত ৷’’

এই ছবিখনত 1983 চনৰ ক্ৰিকেট বিশ্বকাপত ভাৰতীয় দলৰ জয়ৰ মূহুৰ্তৰ দৃশ্যও দৃশ্যাংকণ কৰা হ’ব ৷ এই বিশ্বকাপ ফাইনেলত কপিল দেৱে প্ৰতিনিধিত্ব কৰা ভাৰতীয় দলটোৱে ৱেষ্ট ইণ্ডিজক হৰুৱাই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

ইফালে চতুৰ্থবাৰৰ বাবে ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ যুঁটি একেলগে পৰ্দাত দেখিবলৈ পোৱা যাব ৷ ইতিমধ্যে দুয়োগৰাকী তাৰকাই ‘গ'লিও কি ৰাচলীলাঃ ৰাম-লীলা’(2013), 'বাজীৰাও মস্তানী'(2015) , ‘পদ্মাৱত’(2018) আৰু ‘ফাইণ্ডিং ফানি’ (2014) নামৰ ছবি কেইখনত একেলগে অভিনয় কৰিছে ৷

ছবিখনত ৰণবীৰ সিং আৰু দীপিকা পাডুকনৰ উপৰিও দেখিবলৈ পোৱা যাব তাহি ৰাজ ভাছিন,পংকজ ত্ৰিপাঠী,ব'মান ইৰাণী,শ্বাকিব শ্বালিন,হাৰ্ডি সান্ধু,এম্মি ভিৰ্ক আৰু চিৰাগ পাটিলক ৷ অহা 10 এপ্ৰিল তাৰিখে ছবিঘৰত মুক্তিলাভ কৰিব দৰ্শকৰ মাজত বহুল চৰ্চিত ছবি 83 য়ে ৷

লগতে পঢ়কঃপুনৰ ৰূপালী পৰ্দাত দেখা যাব নীনা গুপ্তা আৰু গজৰাজ ৰাওৰ যুঁটি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.