ETV Bharat / sitara

সঞ্জয়লীলা ভাঞ্চালীৰ পৰৱৰ্তী ছবিত দিপীকা-কাৰ্তিক !

পুনৰ সঞ্জয়লীলা ভাঞ্চালীৰ সৈতে কাম কৰিব নেকি বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে(Deepika Padukone) ? এই প্ৰশ্নৰ অৱতাৰণা হোৱাৰ আঁৰতো আছে এক বিশেষ কাৰণ । সৌ সিদিনালৈকে সঞ্জয়লীলা ভাঞ্চালীৰ সৈতে মতানৈক্য হোৱা বুলি চৰ্চা চলি থকাৰ পাছত এতিয়া ভাঞ্চালীৰ মুম্বাইস্থিত কাৰ্যালয়ত দেখা পোৱা গৈছে দীপিকাক । ভাঞ্চালীৰ কাৰ্যালয়লৈ বাট বুলিছে কাৰ্তিক আৰিয়নেও ।

author img

By

Published : Jul 11, 2021, 12:59 PM IST

Deepika Padukone and Kartik Aaryan were spotted at filmmaker Sanjay Leela Bhansali's office
সঞ্জয়লীলা ভাঞ্চালীৰ কাৰ্যালয়ত দিপীকা আৰু কাৰ্তিক

চিটাৰা ডেস্ক, 11 জুলাই : বলীউড ডিভা দীপিকা পাডুকন(Deepika Padukone) আৰু অভিনেতা কাৰ্তিক আৰিয়নে(Kartik Aaryan) পৰিচালক সঞ্জয়লীলা ভাঞ্চালী(Sanjay leela bhanshali)ৰ মুম্বাইস্থিত কাৰ্যালয়লৈ যোৱাৰ পাছতে এতিয়া আৰম্ভ হৈছে বহু জল্পনা-কল্পনা । দুয়োগৰাকী তাৰকাই ভাঞ্চালীৰ পৰৱৰ্তী ছবিত কাম কৰিব বুলিও গুজব উঠিছে । শুকুৰবাৰে দীপিকা আৰু কাৰ্তিকে পৰিচালক সঞ্জয় লীলা ভাঞ্চালীৰ জুহুস্থিত কাৰ্যালয়ত এক আলোচনাত মিলিত হোৱাৰ বাবে উপস্থিত হয় ।

সঞ্জয়লীলা ভাঞ্চালীৰ কাৰ্যালয়ত দুয়ো উপস্থিত হোৱা সময়ৰ ফটো আৰু ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পাছতে দুয়োৰে পৰৱৰ্তী ছবিক লৈ চৰ্চা আৰম্ভ হৈছে । কিন্তু এয়া প্ৰথমবাৰৰ বাবে নহয়, কাৰ্তিকে ইয়াৰ পূৰ্বেও ভাঞ্চালীৰ কাৰ্যালয়লৈ গৈছিল । কাৰ্তিক আৰিয়ন আৰু সঞ্জয়লীলা ভাঞ্চালীয়ে এটা প্ৰজেক্টৰ বিষয়ে আলোচনা কৰিবলৈ কেইবাবাৰো আলোচনাত মিলিত হৈছে ।

শুকুৰবাৰে একেটা দিনতে কাৰ্তিকৰ দৰেই দীপিকায়েও ভাঞ্চালীৰ কাৰ্যলয়ত উপস্থিত হোৱাৰ পাছত চৰ্চা আৰম্ভ হৈছে ৷ ইয়াৰ পূৰ্বে দীপিকা আৰু কাৰ্তিকে একেখন ছবিত কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল । কিন্তু সেয়া এতিয়াও বাস্তৱায়িত হোৱা নাই ।

ভাঞ্চালীৰ পৰৱৰ্তী ছবিৰ বিষয়ে এতিয়াও আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই ৷ কিন্তু দুয়ো একেলগে কাৰ্যালয়লৈ যোৱাৰ বাবে অনুৰাগীসকলে কৌতুহল প্ৰকাশ কৰিছে । যদি ভাঞ্চালীৰ ছবিৰ বাবে কাৰ্তিক চুক্তিবদ্ধ হৈছে, তেন্তে প্ৰথমবাৰৰ বাবে কাৰ্তিকে ভাঞ্চালীৰ সৈতে কাম কৰিব । আনহাতে, ভাঞ্চালীৰ ছবি 'গ'লিয়ো' কী ৰাসলীলা ৰাম-লীলা', 'বাজিৰাও মস্তানী' আৰু 'পদ্মাৱত'ৰ দৰে জনপ্ৰিয় ছবিত পূৰ্বে দীপিকাই অভিনয় কৰিছিল ।

শেহতীয়াকৈ 'গংগুবাই কাঠিয়াৱাড়ী' ৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰা সঞ্জয়লীলা ভাঞ্চালী বৰ্তমান মেগা বাজেট ছিৰিজ 'হীৰা মণ্ডি' ৰ কামত ব্যস্ত হৈ আছে । এই ছিৰিজটো প্ৰথমে প্ৰিয়ংকা চোপ্ৰাক লৈ এখন ফিচাৰ ফিল্ম হিচাপে নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰা হৈছিল । এতিয়া সোণাক্ষী সিনহা আৰু হুমা কুৰেশ্বীক ছিৰিজটোত গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা পোৱা যাব । যি কি নহওক শীঘ্ৰেই সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কাৰ্তিক-দীপিকা সঞ্জয়লীলা ভাঞ্চালীৰ মুম্বাইস্থিত কাৰ্যালয়লৈ যোৱাৰ ৰহস্য ভেদ হোৱাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: 'ফাইটাৰ্ছ'ক লৈ ঋত্বিক ৰোশনৰ বিশেষ পোষ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.